মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

পোছাক আৰু বস্ত্ৰ প্ৰস্তুত কেন্দ্ৰ

  • পোছাক আৰু বস্ত্ৰ প্ৰস্তুত কেন্দ্ৰ

    ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ এন.ই.আৰ.টি.পি.এছ.ৰ অধীনত গুৱাহাটী চক্ৰৰ পশ্চিম বৰাগাওঁ, পু.থা. আৰু মৌজা- জালুকবাৰীত ১ একৰ ভূমিত পোছাক আৰু বস্ত্ৰ প্ৰস্তুত কেন্দ্ৰ নামৰ প্ৰকল্পটোৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰটো ৰাষ্ট্ৰীয় ঘাইপথ নং ৩৭ৰ পৰা ১.৫ কিলোমিটাৰ, গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা ১০ কিলোমিটাৰ, কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা ৭ কিলোমিটাৰ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ১৭ কিলোমিটাৰ দূৰত্বত আছে। আৰ্টফেডঅসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সংঘ লিমিটেড(আৰ্টফেড)ক এই প্ৰকল্পৰৰূপায়নকাৰী সংস্থা হিচাপে ভাৰ ন্যাস্ত কৰা হৈছে। ইয়াত প্ৰস্তাৱিত তিনিটা ইনক্যবেশনকেন্দ্ৰ আৰু প্ৰত্যেক কেন্দ্ৰত ১৫৫০০ বৰ্গমিটাৰ ঠাই আছে। এই প্ৰজেক্টৰ নিৰ্মাণ  খৰচ তথা ৩০০টা চিলাই মেচিনৰ খৰচ দুয়োটা মিলাই মুঠ খৰচ ১৪২৬.১৫ লাখ। মেচাৰ্ছ ফেব্ৰিক প্লাছ প্ৰাইভেট লিমিটেড, গুৱাহাটী II নম্বৰ খণ্ড ইনক্যবেশন (উত্পাদন শাখা) আৰু মেচাৰ্ছ মডেলামা স্কীলচ প্ৰাইভেট লিমিটেড, হাৰিয়ানাক IIIনম্বৰ খণ্ড (উত্পাদন শাখা) দিয়া হৈছে আৰু উত্পাদন গোট আৰু গোট নং ১ যেনেকৌশল গোটকেইটাই নিজস্ব প্ৰাৰম্ভিক কাৰ্যকলাপ আৰম্ভ কৰিছে।