মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

উদ্যমশীলতা বিকাশ কাৰ্যক্ৰম

  • পি এম ই জি পি আঁচনিৰ হিতাধিকাৰীসকলৰ উদ্যমশীলতা বিকাশৰ বাবে কাৰ্যক্ৰম (ই ডি পি)

    পাতনি –

                উদ্যোগ স্থাপনৰ বাবে হিতাধিকাৰীসকলক অনুপ্ৰাণিত কৰা, উদগণি দিয়াৰ উপৰি উদ্যোগ স্থাপনৰ বাবে তেওঁলোকক সমৰ্থবান কৰি সেই উদ্যোগ সুকলমে চলাই তাৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ দক্ষতা আহৰণ ব্যৱস্থা কৰাটোৱেই হৈছে এই কাৰ্যক্ৰমৰ উদ্দেশ্য। ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰ্যালয়ৰ নীতি অনুসৰি পি এম ই জি পি আঁচনিৰ হিতাধিকাৰীসকলে পুঁজি অনুমোদনৰ পূৰ্বে দুসপ্তাহ (১০ দিন) (প্ৰকল্প বয় ১০ লাখ পৰ্যন্ত) আৰু ৬ দিন (প্ৰকল্প ব্যয় ৫ লাখ পৰ্যন্ত)ৰ একোটা প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগে।

    উদ্দেশ্য –

    উদ্যমশীলতাৰ ধাৰণা সন্দৰ্ভত জ্ঞান দিয়া, ইয়াৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা সন্দৰ্ভত সংশ্লিষ্টসকলক অৱগত কৰা।

     

    সম্ভাৱ্য উদ্যোগীসকলৰ মাজত উদ্যমশীলতাৰ ধাৰণা বিকশিত কৰা, তেওঁলোকক অনুপ্ৰণিত কৰা, পৰিস্থিতিৰ প্ৰত্যাহ্বান স্বীকাৰ কৰিব পৰাকৈ সামৰ্থ্য আহৰণ কৰা, দৃঢ়তা, লক্ষ্য নিৰ্দ্ধাৰণ দক্ষতা আদি বিকশিত কৰা।

     

    এক প্ৰতিষ্ঠান/ব্যৱসায় গঢ়ি তুলিবলৈ যাওতে অতিক্ৰম কৰিবলগীয়া প্ৰক্ৰিয়াগত বিধি-ব্যৱস্থা তথা বাধ্য-বাধকতা সন্দৰ্ভত জ্ঞান অৱগত কৰা।

     

    প্ৰকল্প কিম্বা ব্যৱসায় চলাবলৈ যাওতে প্ৰয়োজন হোৱা বিত্তীয় আৰু বিপণনকে ধৰি যাৱতীয় প্ৰৱন্ধন দক্ষতা বিকশিত কৰা।

     

    যথোপযুক্ত ব্যৱসায়ীক সুযোগ-সম্ভাৱনীয়তা চিনাক্ত কৰি উলিওৱাৰ লগতে তেনে ব্যৱসায়ৰ পৰিকল্পনা যুগুতোৱাৰ বাবে জ্ঞান দান কৰা।

    ই ডি পিৰ সময়-কাল –

    ৫ লাখ টকা পৰ্যন্ত মূলধনযুক্ত উত্পাদনী/সেৱামূলক প্ৰকল্পৰ বাবে ৬টা কৰ্ম দিনৰ ই ডি পি বাধ্যতামূলক।

    ৫ লাখ টকাৰ অধিক মূলধনযুক্ত উত্পাদনী/সেৱামূলক প্ৰকল্পৰ বাবে ১০টা কৰ্ম দিনৰ ই ডি পি বাধ্যতামূলক।

    যোগ্যতা –

                পি এম ই জি পি আঁচনিৰ যিসকলক হিতাধিকাৰীৰ প্ৰকল্পলৈ সংশ্লিষ্ট বেংকে অনুমোদন জনাইছে যদিও ঋণৰ প্ৰথমটো কিস্তি মোকলাই দিয়া নাই তেন্তে ব্যক্তি এই প্ৰশিক্ষণৰ বাবে যোগ্য বিবেচিত হয়। পি এম ই জি পি আঁচনিৰ অধীনত অনুমোদিত ঋণৰ প্ৰথমটো কিস্তি আদায় পাবৰ বাবে এই প্ৰশিক্ষণ বাধ্যতামূলক।

    প্ৰশিক্ষণ প্ৰদানৰ বাবে যোগ্য প্ৰতিষ্ঠান –

                খাদী আৰু গ্ৰামোদ্যোগ আয়োগ আৰু খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ বিভাগীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ অধীনস্থ গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান (আৰ.এচ.ই.টি.আই) আৰু গ্ৰামোন্নয়ন স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান (আৰ ইউ ডি এছ ই টি আই)।

    ই ডি পিৰ আৰ.এছ.ই.আই. আৰু আৰ.ইউ.ডি.এছ.ই.আই.ৰ যোগসূত্ৰ –

                দেশৰ প্ৰান্তে প্ৰান্তে ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে নিয়োগ সম্ভাৱনা সৃষ্টি কৰি নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ সুযোগ দান কৰাৰ মুখ্য উদ্দেশ্য লৈ যুগুতোৱা প্ৰধানমন্ত্ৰী নিয়োগ সম্ভাৱনা সৃষ্টিকাৰী কাৰ্যক্ৰম চমুকৈ পি এম ই জি পি শীৰ্ষক আঁচনিখন খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ এক ধ্বজাবাহী আঁচনি। খাদী আৰু গ্ৰামোদ্যোগ আয়োগ আৰু খাদী আৰু গ্ৰামোদ্যোগ বেৰ্ডে গ্ৰামাঞ্চলত আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰসমহে গাঁও আৰু চহৰ উভয় অঞ্চলতে এই আঁচনিখন ৰূপায়ণৰ দায়িত্ব বহন কৰি আহিছে। খাদী আৰু গ্ৰামোদ্যোগ আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত এককভাৱে আঁচনিখনৰ মুখ্য ৰূপায়ণকাৰীৰ ভূমিকা পালন কৰাৰ বিপৰীতে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰ্যালয়ে আঁচনিখনৰ প্ৰধান নিৰীক্ষক হিচাপে দায়িত্ব চম্ভালিছে। পি এম ই জি পি আঁচনিৰ বিধি-নিৰ্দেশনা অনুযায়ী প্ৰকল্প স্থাপন কৰি খোজা সম্ভাৱনাপূৰ্ণ হিতাধিকাৰীসকললৈ ঋণৰ প্ৰথমটো কিস্তি মোকলাই দিয়াৰ পূৰ্বে উদ্যোগী বিকাশ কাৰ্যক্ৰম চমুকৈ ই ডি পি প্ৰশিক্ষণ গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে। সদ্যহতে খাদী আৰু গ্ৰামোদ্যোগ আয়োগে ইয়াৰ অধীনস্থ বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰ, স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰাজ্য চৰকাৰসমূহৰ প্ৰশিক্ষণ সংস্থা/প্ৰতিষ্ঠান আদিৰ জৰিয়তে এনে প্ৰশিক্ষণ প্ৰদান কৰি আছে। ই ডি পি প্ৰশিক্ষণ কাৰ্যক্ৰমৰ মান উন্নত কৰাৰ লক্ষ্যৰে খাদী আৰু গ্ৰামোদ্যোগ আয়োগে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ৰ সৌজন্যত গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান (আৰ.এছ.ই.টি.আই) আৰু গ্ৰাম্য বিকাশ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান (আৰ.ই.ডি.এছ.টি.আই)ৰে জোঁট বন্ধনৰ ব্যৱস্থা কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা ৫৮২টা প্ৰশিক্ষণ কেন্দ্ৰক ই ডি পি প্ৰশিক্ষণৰ কামত বাৰুকৈয়ে ব্যৱহাৰ কৰা হৈছে।

                আৰ.এছ.ই.টি.আই আৰু আৰ.ই.ডি.এছ.টি.আই আদিয়ে হিতাধিকাৰীসকলক প্ৰশিক্ষণ দানৰ দিনৰে পৰা তিনি বছৰ ধৰি প্ৰকল্প স্থাপনৰ বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগিতা তথা দিক নিৰ্দেশনা দিয়াৰ গুৰুদায়িত্ব পালন কৰে। এই সহযোগিতা বেংকৰ ঋণ অনুমোদন পৰ্যন্ত অব্যাহত থাকে। আৰ.এছ.ই.টি.আই আৰু আৰ.ই.ডি.এছ.টি.আইৰ কা। চপা হিতাধিকাৰীসকলে এনেকৈয়ে এক ভৰসা কৰিব পৰা প্ৰকল্প স্থাপনৰ স্বপ্ন সাকাৰ কৰিব পাৰে। প্ৰতিষ্ঠান দুটাই প্ৰদান কৰা ই ডি পি প্ৰশিক্ষণৰ গতিবিধি নিৰীক্ষণৰ বাবে প্ৰকল্প সমন্বয়কৰ নেতৃত্বত আচুতীয়াকৈ আৰ.এছ.ই.টি.আই আৰু আৰ.ই.ডি.এছ.টি.আই নিৰীক্ষণ কোষ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

    প্ৰশিক্ষণৰ উল্লেখনীয় দিশ –

    • আৰ.ই.ডি.এছ.টি.আইৰ ৰাষ্ট্ৰীয় অকাডেমী (এন.এ.আৰ)য়ে ই ডি পি প্ৰশিক্ষণৰ পাঠ্যক্ৰম যুগুতাব।
    • ই ডি পি প্ৰশিক্ষণ গ্ৰহণ কৰিব খোজাসকলে আৰ.এছ.ই.টি.আই-য়ে অনুষ্ঠিত কৰা এক পৰীক্ষাত অৱতীৰ্ণ হব লাগিব।
    • এই পৰ্যন্ত উত্তীৰ্ণসকলেহে ই ডি পি প্ৰশিক্ষণৰ যোগ্যতা অৰ্জন কৰিব।
    • ই ডি পিৰৰ প্ৰমাণপত্ৰত আৰ.এছ.ই.টি.আই আৰু আৰ.ই.ডি.এছ.টি.আইৰ সঞ্চালক আৰু খাদী গ্ৰামোদ্যোগ আয়োগৰ ৰাজ্যিক সঞ্চালকে অথবা তেওঁ মনোনীত কৰা প্ৰতিনিধিয়ে স্বাক্ষৰ দান কৰিব।
    • আৰ.এছ.ই.টি.আই আৰু আৰ.ই.ডি.এছ.টি.আইত থকা দক্ষতা বিকাশ সম্পৰ্কীয় প্ৰশিক্ষণ পাঠ্যক্ৰমৰো পি.এম.ই.জি.পি. আঁচনিৰ পাঠ্যক্ৰমেৰে সংযুক্ত কৰি প্ৰকল্পৰ আৰম্ভণিৰ পৰা বেংক ঋণৰ অনুমোদন পৰ্যন্ত অব্যাহত ৰখাৰ ব্যৱস্থা কৰা হব।

    হাতে-কামে লাগি সহযোগিতা –

    আৰ.এছ.ই.টি.আই/আৰ.ই.ডি.এছ.টি.আইয়ে প্ৰশিক্ষণৰ দিনৰে পৰা পৰৱৰ্ত্তী তিনিটা বছৰলৈ হিতাধিকাৰীসকলক হাতে-কামে লাগি সহযোগিতা আগবঢ়ায়। প্ৰকল্প সম্পৰ্কীয় বিভিন্ন কাম-কাজৰ লগতে ঋণৰ অনুমোদনৰ বিভিন্ন পৰ্যায়ত আহিব পৰা বাধা-বিঘিনি আঁতৰাই হিতাধিকাৰীক প্ৰকল্প স্থাপনৰ সপোন বাস্তৱায়িত কৰাৰ সকলো পৰ্যায়ত পথ প্ৰদৰ্শক হিচাপে সেৱা আগবঢ়ায়।

    ই ডি পিৰ সময়সূচী –

                খাদী আৰু গ্ৰামোদ্যোগ আয়োগ/খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড/জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰসমূহৰ পৰা আবেদন লাভ কৰাৰ দিনাৰ পৰা ৩-৪ সপ্তাহৰ ভিতৰত আৰ.এছ.ই.টি.আই/আৰ.ই.ডি.এছ.টি.আইসমূহে ই ডি পি প্ৰশিক্ষণৰ দিহা কৰে।