মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

প্ৰশিক্ষণ ও শিক্ষামূলক ভ্ৰমণ

  • শিক্ষাৰ প্ৰতিষ্ঠান

                বিভাগীয় কৰ্মচাৰী আৰু কৃষকক প্ৰশিক্ষণ দিবৰ বাবে তিতাবৰ, যোৰহাটত এখনি প্ৰশিক্ষণ কেন্দ্ৰ খোলা হৈছে। এই ৰেচম প্ৰশিক্ষণ কেন্দ্ৰ সঞ্চালিত কৰে এজন অধ্যক্ষই।

    প্ৰতিষ্ঠানৰ নাম

                ৰেচম শিল্প প্ৰশিক্ষণ প্ৰতিষ্ঠান, তিতাবৰ, যোৰহাট, অসম

    প্ৰতিষ্ঠানৰ বিষয়ে কিছু - 

    এই প্ৰশিক্ষণ কেন্দ্ৰ অসমৰ যোৰহাট জিলাকৰ তিতাবৰত অৱস্থিত যোৰহাট এয়াৰ পোৰ্টৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত্বৰ এই স্থান পথ আৰু ৰেলৰ দ্বাৰা খুব ধুনীয়াকৈ সংযোজিত। নিকটতম ৰেলৱে ষ্টেচন মৰিয়নী, তিতাবৰৰ পৰা মাত্ৰ ১৬ কিলোমিটাৰ ত্বৰত্ব। ১৮৫৮ চনতে স্থাপন কৰা এই প্ৰতিষ্ঠানে জন্মলগ্নৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ বাবে তৃণমূল পৰ্যায়ৰ অধিকাৰী উত্পন্ন কৰি আহিছে। বৰ্তমান এই প্ৰতিষ্ঠানে অসমৰ বাহিৰেও, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদি ৰাজ্যৰ দ্বাৰা পঠোৱা শিকাৰুসকলক এবছৰীয়া চাৰ্টিফিকেট কোৰ্চ কৰায়। ইয়াৰোপৰি কৃষকসকলক আধুনিক প্ৰযুক্তিৰ প্ৰতি আগবঢ়াবলৈ এটি হ্ৰস্বম্যাদী পাঠ্যক্ৰমৰো ব্যৱস্থা আছে। ইয়াত শ্ৰেণীকোঠাৰ ব্যৱস্থা, হোষ্টেল, আধুনিক যন্ত্ৰপাতিৰ পৰীক্ষাগাৰ সকলো আছে।

                সৰ্বতোপৰি বৰ্তমান প্ৰতিষ্ঠানৰ উচ্চ প্ৰযুক্তিগত শিক্ষাৰে শিক্ষিত শিক্ষাগুৰুসকল আছে আৰু তেওঁলোকৰ প্ৰায় সকলোৱেই ৰেচম শিল্পত স্নাতকোত্তৰ অথবা ৰেচম শিল্পত স্নাতকোত্তৰ ডিপ্লোমাধাৰী। এওঁলোক বিভিন্ন সভ্ৰম প্ৰতিষ্ঠানৰ পৰা শিক্ষিত যেনে-  চি.এছ.আৰ. এণ্ড টি.আই., বেহৰামপুৰ, পশ্চিমবংগ

                                        চি.এছ.আৰ. এণ্ড টি.আই., ৰাঁছী, ঝাৰখণ্ড           

                                        চি.এছ.আৰ. এণ্ড টি.আই., মৈশূৰ, কৰ্ণাটক আৰু

                                        অসম কৃষি বিশ্বশিল্পলয়, যোৰহাট।

                প্ৰশিক্ষণৰ অবধি – ১ বছৰ

                শিক্ষকসকলৰ সূচী –

    ক্ৰমিক নংনামপদযোগ্যতা

    মহেন্দ্ৰ বৰা

    অধ্যক্ষ

    বিজ্ঞানৰ স্নাতকোত্তৰ তথা ১মহীয়া পাঠ্যক্ৰম চি.এছ.আৰ. এণ্ড টি.আই., বেহৰামপুৰ

    জগদীশ শৰ্মা

    প্ৰশিক্ষক

    বিজ্ঞানৰ স্নাতকআৰু পি.জি.ডি.এছ.,চি.এছ.আৰ. এণ্ড টি.আই., মৈশূৰ

    প্ৰবীন চন্দ্ৰ শৰ্মা

    প্ৰশিক্ষক

    বিজ্ঞানৰ স্নাতকোত্তৰ ৰেচম প্ৰযুক্তিশিল্প, .এছ.আৰ. এণ্ড টি.আই., মৈশূৰ,

    মৈশূৰ বিশ্বশিল্পলয়ৰ দ্বাৰা প্ৰমাণিত

    দুলুমণি দাস

    প্ৰশিক্ষক

    বিজ্ঞানৰ স্নাতকোত্তৰ ৰেচম প্ৰযুক্তিশিল্প, কৃষি বিশ্বশিল্পলয়, যোৰহাট

     

    কৌশল উন্নীতকৰণ প্ৰশিক্ষণ

                চৰকাৰী কেন্দ্ৰ, বয়ন-কটা কেন্দ্ৰৰ দ্বাৰা কৃষক সূতা কটা কাৰিগৰ আদিক কৌশল উন্নীতকৰণ প্ৰশিক্ষণ দিয়া হয়। এড়ী সূতা বয়ন কেন্দ্ৰত সহকাৰী প্ৰবন্ধকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়।

    প্ৰশিক্ষণ ভ্ৰমণ-

                কৃষক, বয়ন কাৰিগৰ আদিক প্ৰশিক্ষণৰ বাবে ৰাজ্যৰ ভিতৰতে তথা ৰাজ্যৰ বাহিৰত উদাহৰণ স্বৰূপে কৰ্ণাটক, তামিলনাডু, পশ্চিমবংগ আদিলৈ ভ্ৰমণৰ বাবে লৈ যোৱা হয়।