মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

হস্ততাঁত সমবায় সমিতি

  • হস্ততাঁত সমবায় সমিতি সমূহঃ

    আনুষ্ঠানিকভাৱে হস্ততাঁত কাৰ্য্যক্ৰমণিকা সমূহৰ উন্নয়ন সাধনৰ হেতুকে অসম সমবায় সমিতি আইন, ১৯৪৯, ১৯৫১ৰ আইন-১ আইনৰ অধীনত ৰাজ্যখনত শিপিনীৰ সমবয় সমিতিৰ ধাৰণাৰ পৰিচয় কৰোৱা হৈছিল। এক তিনি তৰপীয়া সমবায় ব্যৱস্থাৰ গঢ় দিয়া হল, যেন, (ক) মূখ্য পৰ্য্যায় সমিতি, (খ) আঞ্চলিক পৰ্য্যায়/জিলা পৰ্য্যায় সমিতি আৰু (গ) প্ৰাথমিক শিপিনী সমবায় সমিতি। ১৯৮৫ চনৰ জানুৱাৰী মাহত অসম চৰকাৰৰ সমবায় বিভাগে হস্ততাঁত সমবায় সমিতি সমূহৰ পঞ্জীকৰণ, নিৰীক্ষণ, পৰিদৰ্শন, প্ৰৱন্ধন আদি সমূহৰ দায়িত্ব আইন অনুসৰি সঞ্চালক, হস্ততাঁত আৰু বস্ত্ৰশিল্প, অসমৰ পূৰ্ব-আয়ুক্ত হিচাপে অভিহিত, সমবায় সমিতিৰ (হস্ততাঁত) অতিৰিক্ত পঞ্জীয়কক অৰ্পন কৰা হয়। সমবায় বিভাগে তিনি গৰাকী জেষ্ঠ পৰিদৰ্শক/নিৰিক্ষক আৰু ২৪ গৰাকী কণিষ্ঠ পৰিদৰ্শক/নিৰীক্ষককো সঞ্চালকালয়লৈ স্থানান্তৰ কৰে। সমবায় শাখাৰ বিষয়াসকলে সমিতিসমূহৰ আয়োজন, পৰিদৰ্শন আৰু লেখ পৰীক্ষা নিয়মীয়াকৈ কৰাৰ উপৰিও সমিতিসমূহক সময়মতে বাৰ্ষিক অধিবেশন আয়োজন কৰাৰ ক্ষেত্ৰতো পথ প্ৰদৰ্শন কৰে।

    • মূখ্য পৰ্য্যায় হস্ততাঁত সমবায় সমিতিঃ

    ৰাজ্যখনত সঞ্চালকালয়ৰ অধীনত কেৱল এটাই মূখ্য পৰ্য্যায়ৰ হস্ততাঁত সমবায় সমিতি আছে। সেইয়া হৈছে অসম মূখ্য শিপিনি আৰু শিল্পী সমবায় সংঘ লিমিটেড (আৰ্টফেড)। উপবিধিৰ ব্যৱস্থা অনুসৰি এক সঞ্চালকীয় পৰিষদে ইয়াৰ আৰ্টফেডৰ প্ৰৱন্ধন আৰু ব্যৱসায় পৰিচালনা কৰে। আৰ্টফেডৰ মূল কাম হৈছে প্ৰাথমিক সমবায় সমিতি সমূহক সূতা যোগান ধৰা, শিপিনী সকলৰ দ্বাৰা হাতেৰে বৈ উলিওৱা অন্তিম সামগ্ৰী বস্ত্ৰ সমূহ ক্ৰয় কৰা আৰু সেইবোৰ ৰাজ্যৰ বাহিৰে-ভিতৰে থকা আৰ্টফেডৰ প্ৰতিষ্ঠিত বিপনীসমূহৰ জৰিয়তে বিক্ৰী কৰা।

    ইয়াৰ উপৰিও, ৰাজ্যখনৰ শিপিনীসকলে বৈ উলিওৱা সামগ্ৰীসমহূৰ বিপনীকৰণ প্ৰচাৰকাৰ্য্যৰ বিকাশৰ বাবে আৰ্টফেডে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ন কৰাৰ ক্ষমতাও বহন কৰে।

    সমিতিৰ নামঃ অসম মূখ্য শিপিনী আৰু শিল্পী সমবায় সমিতি সংঘ লিমিটেড।

    • আঞ্চলিক পৰ্য্যায়/জিলা পৰ্য্যায় হস্ততাঁত সমবায় সমিতিঃ

    বিশেষ গাণিতিক প্ৰতিবেদন অনুসৰি অসম ৰাজ্যত দুখন আঞ্চলিক পৰ্য্যায় সমিতি আৰু পাচঁখন জিলা পৰ্য্যায় সমিতি কাৰ্য্যৰত হৈ আছে। এই সমিতি তিনিটাৰ কাম-কাজৰ ধৰণ বা পদ্ধতি মূখ্য সমিতিৰ দৰে একে যদিও আটাইকেটাৰ পৰিসৰ সংশ্লিষ্ট অঞ্চল আৰু জিলাৰ ভিতৰতেই আৱদ্ধ।

    ক্ৰমিক নংসমিতিৰ নামসমিতিৰ বিভাগ

    সোৱণশিৰি উপত্যকা হস্ততাঁত সমবায় সমিতি লিমিটেড, লক্ষিমপূৰ

    আঞ্চলিক পৰ্য্যায়

    উত্তৰ-কাছাৰ পাৰ্বত্য জনজাতীয় হস্ততাঁত সমবায় সমিতি লিমিটেড, ডিমা-হাচাও

    আঞ্চলিক পৰ্য্যায়

    ধেমাজি জিলা হস্ততাঁত সমবায় সমিতি লিমটেড

    জিলা পৰ্য্যায়

     

    মৰিগাঁও জিলা হস্ততাঁত সমবায় সমিতি লিমিটেড

    জিলা পৰ্য্যায়

     

    নলবাৰী জিলা কেন্দ্ৰীয় হস্ততাঁত সমবায় সমিতি লিমিটেড

    জিলা পৰ্য্যায়

    কৰিমগঞ্জ জিলা কেন্দ্ৰীয় হস্ততাঁত সমবায় সমিতি লিমিটেড

    জিলা পৰ্য্যায়

    হাইলাকাণ্ডি জিলা কেন্দ্ৰীয় হস্ততাঁত সমবায় সমিতি লিমিটেড

    জিলা পৰ্য্যায়

     

     

    • প্ৰাথমিক শিপিনী সমবায় সমিতিঃ

    ৰাজ্যৰ সঞ্চালকালয়ৰ অধিনত পঞ্জিকৃত প্ৰায় ৪০১২টা প্ৰাথমিক শিপিনী সমবায় সমিতি (পি.ডব্লিও.চি.এছ.) আছে। প্ৰত্যেক সমিতিতে প্ৰায় এশ গৰাকীকৈ শিপিনী আছে। এই সমিতি সমূহ পোনপটিয়াকৈ হস্ততাঁত বস্ত্ৰ উত্পাদনৰ সৈতে জড়িত। সংশোধিত অসম সমবায় আইন ২০০৭ ৰ অধীনষ্ঠ অধিনিয়মৰ ব্যৱস্থা অনুসৰি এই সমিতিসমূহ পোন্ধৰ জনীয়া সদস্যৰ এক পৰিচালন সমিতিয়ে পৰিচালনা কৰে। এই পৰিচালন সমিতিৰ অধ্যক্ষতা কৰে এগৰাকী নিৰ্বাচিত সভাপতিয়ে। সমিতিয়ে ইয়াৰ সভাত গ্ৰহন কৰা প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিবলৈ এজন সচিবক নিযুক্ত দিয়ে।

    পি.ডব্লিও.চি.এছ.ৰ দ্বাৰা কৰা এক বিশেষ নিৰীক্ষণৰ প্ৰতিবেদন অনুসৰি ২০১২-১৩ বৰ্ষত, প্ৰায় ১৯৮৮ টা পি.ডব্লিও.চি.এছ.ক কাৰ্য্যৰত হিচাপে চিনাক্ত কৰা হৈছিল। সেই মৰ্মে  ১৯৯৫ টা হস্ততাঁত শিপিনী সমাবায় সমিতি (১৯৮৮ টা পি.ডব্লিও.চি.এছ. + ৭টা আৰ.ডব্লিও.চি.এছ./ডি.ডব্লিও.চি.এছ.) আৰু এটা মূ্খ্য হস্ততাঁত সমবায় সমিতি কাৰ্য্যৰত।

    ক্ৰমিক নংজিলাৰ নামসমিতিৰ সংখ্যা

    কামৰূপ (মহানগৰ)

    ৬৯ খন

     

    কামৰূপ (গ্ৰাম্য)

    ২০০ খন

     

    মৰিগাঁও

    ৭৪ খনক

     

    নগাঁও

    ৯৬ খন

     

    কাৰ্বি আংলং

    ৭১ খন

     

    গোলাঘাট

     

    ৬২ খন

    যোৰহাট

     

    ৫৩ খন

    শিৱসাগৰ

    ৭৬ খন

     

    ডিব্ৰুগড়

    ৩০ খন

     

    10

    তিনিচুকীয়া

    ৩৭ খন

     

    ১১

    ধেমাজি

    ১৭০ খন

     

    ১২

    লক্ষিমপুৰ

    ১৮৯ খন

     

    ১৩

    শোণিতপুৰ

    ৬০ খন

     

    ১৪

    ওদালগুৰি

    ৪৭ খন

     

    ১৫

    দৰং

    ৬৮ খন

     

    ১৬

    নলবাৰী

    ১২৮ খন

     

    ১৭

    বৰপেটা

    ৬৯ খন

     

    ১৮

    বঙাইগাঁও

    ২৫ খন

     

    ১৯

    কোকৰাঝাৰ

    ১১১ খন

     

    ২০

    বাক্সা

    ২৭ খন

     

    ২১

    চিৰাং

    ৩ খন

     

    ২২

    ধুবুৰী

    ৭২ খন

     

    ২৩

    গোৱালপাৰা

    ৪৬ খন

     

    ২৪

    কাচাৰ

    ৩৫ খন

     

    ২৫

    কৰিমগঞ্জ

    ৯১ খন

     

    ২৬

    হাইলাকান্দি

    ৬০ খন

     

    ২৭

    ডিমা-হাচাও

    ১৯ খন

     

     

    মুঠ

    ১৯৮৮ খন