মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

সূতা বেংক

  • অসমৰ ২৭খন জিলাত হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ অধীনত শিপিনীৰ বাবে ২০১৩-১৪ চনত অসম চৰকাৰৰ অনুমোদন সাপেক্ষে ১২১৫ লাখ টকা ব্যয় সাপেক্ষে সূতা বেংকৰ স্থাপনা কৰাৰ যো-জা কৰা হৈছে। আৰ্টফেডে এই কাৰ্য ত্বৰান্বিত কৰিবলৈ অসম চৰকাৰৰ ফালৰ পৰা নিযুক্তি পাইছে। প্ৰ

    থম পৰ্যায়ত হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ অধীক্ষনালয়ৰ দ্বাৰা নিৰ্ধাৰিত ৪৬৯ লাখ টকা ব্যয়সাপেক্ষ ২০১৩-১৪ চনত ১১টা সূতা বেংকৰ স্থাপনা নিম্নলিখিত স্থানসমূহত কৰা হৈছে-ডিব্ৰুগড়, তিনিচুকীয়া, বৰপেটা, গোৱালপাৰা, নগাঁও, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, ধেমাজী, শিলচৰ আৰু কামৰূপ।

    দ্বিতীয় পৰ্যায়ত নিৰ্ধাৰিত ধন ৪০০ লাখ টকা প্ৰাপ্তি পোৱা গৈছে ৮টা সূতা বেংক স্থাপনৰ বাবে বেংকসমূহ নিম্নোক্ত স্থানত স্থাপন কৰা হব গোলাঘাট, মৰিগাঁও, দৰং, শোণিতপুৰ, নলবাৰী, ধুবুৰী, বঙাইগাঁও আৰু কৰিমগঞ্জ।

    বাকী থকা ৩৪৬ লাখ টকাৰ অনুমোদন বৰ্তমানলৈ পোৱা হোৱা নাই।