মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

নিয়োগ সম্ভাৱনা সৃষ্টি কাৰ্যক্ৰম

  • প্ৰধানমন্ত্ৰীৰ নিয়োগ সম্ভাৱনা সৃষ্টি কাৰ্যক্ৰম (পি এম ই জি পি)

    পটভূমি –

          ২০০৮ চনৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা দিয়া ভাষণত তদানীন্তন প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নিয়োগ সম্ভাৱনা সৃষ্টি কাৰ্যক্ৰম (পি এম ই জি পি) শীৰ্ষক আঁচনিখন ঘোষণা কৰিছিল। ৰাজসাহায্যযুক্ত ঋণদানমূলক আঁচনিখন দৰাচলতে পূৰ্বৰ গ্ৰাম্য নিয়োগ সৃষ্টিকাৰী কাৰ্যক্ৰম আৰু প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনা নামৰ আঁচনি দুখনৰ সংমিশ্ৰণেৰে ন-কৈ যুগুতোৱা আঁচনিহে আছিল। কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্যৰে ৰূপায়িত হোৱা আঁচনিখনৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰ্যালয়ক (এম এছ এম ই)।

          আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত খাদী আৰু গ্ৰামোদ্যোগ আয়োগক প্ৰধান পৰিচালনাকাৰী সংস্থাৰ দায়িত্ব প্ৰদান কৰাৰ বিপৰীতে ৰাজ্যিক পৰ্যায়ত খাদী আৰু গ্ৰামোদ্যোগ আয়োগ, ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড আৰু জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰসমূহক আঁচনি ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰা হয়।

    উদ্দেশ্য –

    • দেশৰ গাঁও আৰু চহৰাঞ্চলৰ নিয়মীয়া আৰু বহনক্ষম নিয়োগ সম্ভাৱনা সৃষ্টি কৰা।
    • পৰম্পৰাগত আৰু সম্ভাৱনাপূৰ্ণ কাৰিকৰসকলৰ এক বৃহত্ অংশক নিয়োজনৰ সুযোগ দান কৰাৰ লগতে ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে গাঁও আৰু চহৰাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে নিয়োগ সম্ভাৱনা সৃষ্টি কৰা।
    • বিত্তীয় প্ৰতিষ্ঠানসমূহে যাতে ক্ষুদ্ৰ উদ্যোগ খণ্ডলৈ উচ্চ পৰিসৰৰ ঋণ দান কৰাৰ বাবে মন বান্ধিব পাৰে তেনে এক বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা।

    যোগ্যতা –

    • ১৮ বছৰ বয়সৰ উৰ্ধ্বৰ সকলো ব্যক্তি
    • ১০ লাখ টকাৰ ওপৰৰ মূলধন বিনিয়োগ কৰা উত্পাদনী উদ্যোগ অথবা ৫ লাখ টকাৰ ওপৰৰ মূলধন বিনিয়োগ হোৱা সেৱামূলক উদ্যোগৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতা ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱাটো বাঞ্চনীয়।
    • দাতব্য ন্যাস আৰু আত্ম-সহায়ক গোট।
    • ১৮৬০ চনৰ সামাজিক সংগঠন পঞ্জীয়ন আইনৰ অধীনত পঞ্জীয়ন কৰা কোনো সংস্থা-সংগঠন।
    • উত্পাদনমূলক সমবায় সমিতি আদি।

    উল্লেখনীয় বৈশিষ্ট্য

    • আঁচনিখন খাদী আৰু গ্ৰামোদ্যোগ আয়োগ, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড তথা জিলা ঔদ্যোগিক কেন্দ্ৰসমূহৰ ক্ৰমে ৩০:৩০:৪০ হাৰত দায়িত্ব ভগাই ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
    • কোনো প্ৰকল্প স্থাপনৰ ক্ষেত্ৰত আয়ৰ উচ্চ সীমা নিৰ্ধাৰণ কৰা হোৱা নাই।
    • নতুন প্ৰকল্প স্থাপনৰ ক্ষেত্ৰতহে এই আঁচনিৰ জৰিয়তে সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।
    • ঔদ্যোগিক গোট কিম্বা গোটসমূহে যদি কোনো ৰাষ্ট্ৰীয় কিম্বা ৰাজ্যিক আঁচনিৰ জৰিয়তে বিত্তীয় সহযোগিতা আদায় কৰিছে তেন্তে তেনেবোৰ প্ৰকল্প এই আঁচনিৰ সহযোগিতা লাভৰ বাবে যোগ্য নহব।
    • নেতিবাচক তালিকাৰ অন্তৰ্ভুক্ত নোহোৱা, কয়ৰ ভিত্তিক প্ৰকল্পকে ধৰি আন সকলো প্ৰকল্পই এই আঁচনিৰ সা-সুবিধা গ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিব।
    • ভৈয়ামৰ কোনো প্ৰকল্পৰ ক্ষেত্ৰত বিনিয়োগৰ পৰিমাণ গাইপতি ১ লাখ আৰু পাহাৰীয়া এলেকাৰ প্ৰকল্পৰ ক্ষেত্ৰত গাইপতি ১.৫০ লাখ টকাৰ অধিক হব নোৱাৰিব।
    • উত্পাদনী প্ৰকল্পৰ ক্ষেত্ৰত সৰ্বাধিক ব্যয়ৰ পৰিমাণ ২৫ লাখ টকা আৰু সেৱা ভিত্তিক প্ৰকল্পৰ ক্ষেত্ৰত ১০ লাখ টকাৰ অধিক হব নোৱাৰিব।

    কৰ্মক্ষেত্ৰ –

    গ্ৰামাঞ্চল – আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড তথা জিলা ঔদ্যোগিক আৰু বাণিজ্য কেন্দ্ৰসমূহকে ধৰি খাদী আৰু গ্ৰামোদ্যোগ আয়োগে বহন কৰে।

    (গ্ৰামাঞ্চল মানে গাঁও বা চহৰৰ যিবিলাক এলেকাৰ জনসংখ্যা ২০ হাজাৰৰ অধিক নহয় অথবা কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণতকৈ অধিক নহয়)

    চহৰাঞ্চল কেৱল জিলা ঔদ্যোগিক আৰু বাণিজ্য কেন্দ্ৰসমূহৰহে এলেকাধীন হয়।

    ৰাজসাহায্যৰ বিপৰীতে আদায় দিব লগা হিতাধিকাৰীৰ অংশ –

    পি এম ই জি পিৰ হিতাধিকাৰীৰ শ্ৰেণীপ্ৰকল্প ব্যয়ৰ বিপৰীতে হিতাধিকাৰীৰ অংশহিতাধিকাৰীৰ অংশ

     

     

    চহৰ

    গ্ৰাম্য

     

    সাধাৰণ শ্ৰেণী

    ১০ শতাংশ

    ১৫ শতাংশ

    ২৫ শতাংশ

     

    বিশেষ শ্ৰেণী

    অনুসূচিত জাতি/জনজাতি/অন্যান্য পিছপৰা শ্ৰেণী (সংখ্যালঘু সম্প্ৰদায়/মহিলা, প্ৰাক্তন সৈনিক, শাৰিৰীকভাৱে অক্ষম, উত্তৰ পূৰ্বাঞ্চল, পাৰ্বত্য এলেকা আৰু সীমান্তৱৰ্ত্তী এলেকাকে ধৰি

     

    ৫ শতাংশ

    ২৫ শতাংশ

    ৩৫ শতাংশ

     

    পি এম ই জি পিৰ অধীনত ই-ট্ৰেকিং –

    • পি এম ই জি পি আঁচনিখনৰ ৰূপায়ণৰ সমুদায় প্ৰক্ৰিয়া স্বচ্ছতাৰে সম্পন্ন কৰাৰ লগতে আঁচনিখনৰ হিতাধিকাৰীসকলৰ তথ্যাৱলী কম্পিউটাৰৰ মাধ্যমেৰে বিচাৰিব পৰাকৈ সূচীভুক্ত কৰাৰ লক্ষ্যৰে এক বিশেষ ব্যৱস্থাৰ সূচনা কৰা হৈছে।
    • সকলো পৰ্যায়তে প্ৰথমে অহা আবেদনক প্ৰথম প্ৰাথমিকতা দিয়াৰ নীতি (এফ আই এফ এছ) গ্ৰহণ কৰা হৈছে।
    • সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছতা নিশ্চিত কৰাৰ পৰিপ্ৰেক্ষিতত উন্নত প্ৰশাসন সম্ভৱ হোৱাৰ লগতে ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিক নিলগাই ৰাখিব পৰা গৈছে।

    ১৯৯৫ চনৰ পৰা অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে পি এম ই জি পি আঁচনিখন ৰূপায়ণৰ দায়িত্ব পালন কৰি আহিছে।

    ক্ৰমিক নংবছৰবেংকে অনুমোদন জনোৱা প্ৰকল্পৰ সংখ্যামোকলাই দিয়া অংশৰ ধন (লাখৰ হিচাপত)নিয়োগৰ দিহা (সংখ্যা

    ২০১৪-১৫

    ১৩৭০

    ১২৫৪.০৭৯

    ৪৪৫৭

     

    ২০১৫-১৬

    ৮৯৮

    ৭৫২.৮৭৪

    ২৬৫১

     

    ২০১৬-১৭

    ১০৩০

    ৯৮৪.৫২

    -

     

    (৩১-৩-২০১৭ পৰ্যন্ত)