মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

বিপণন

  • কুকুন বেংকৰ দ্বাৰা বিপণন

                কিছু অ-পৰম্পৰাগত তথা কিছু উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্যত ৰেচম শিল্প পৰম্পৰাগত ৰাজ্যসমূহৰ দৰে বিকশিত নহয়। ৰেচম উত্পাদন, উত্পাদনশীলতা, বাৰ্ষিক খেতিৰ সংখ্যা ইত্যাদি এই ৰাজ্যসমূহত ইমান বিকশিত নহয়। এই ৰাজ্যসমূহৰ অধিকসমূহতে বছেৰেকত দুটা ব্যৱসায়িক খেতি কৰা হয়। আৰু ইয়াৰ ফলত এই অঞ্চলসমূহৰ সূতা কটা কেন্দ্ৰসমূহে কেঁচা সামগ্ৰী আহৰণ কৰি ৬ মাহলৈকে সংৰক্ষণ কৰি থবলৈ বাধ্য হয় যাতে খেতি নোহোৱা সময়ত ব্যৱহাৰ কৰিব পৰা যায়।সেয়ে এনে অঞ্চলৰ শিপিনী (কাৰিগৰ আৰু কাৰখানাসমূহক সহায় কৰিবলৈ তথা গোটেই বছৰ এইসমূহক কেঁচা সামগ্ৰী যোগান ধৰিবলৈ কুকুন বেংক কিছুমান ১১নং আঁচনিৰ সময়ত খোলা হৈছে। এই বেংকসমূহ আছে ওদালগুৰি, কামৰূপ আৰু উত্তৰ লখিমপুৰত।

    এড়ী কটা কুকুনৰ দাম

    কুকুন কিনিবৰ বাবে এটি ধাৰ্য় দাম বেংকৰ উপদেষ্টা কমিটীয়ে নিৰ্ধাৰিত কৰে।

    কুকুন বেংকৰ দ্বাৰা লাভান্বিত-

    কুকুন খেতিয়ক

                এই বেংকৰ দ্বাৰা অসমৰ প্ৰত্যেক জিলাৰ কৃষক তথা চুবুৰীয়া ৰাজ্যসমূহ যেনে- মেঘালয়, অৰুণাচল প্ৰদেশৰ কৃষকসমূহো এই বেংকৰ দ্বাৰা লাভান্বিত হব।

    সূতা কটা কাৰিগৰ/বয়ন কাৰিগৰ

                ৰামপুৰ, বিজয়নগৰ, পলাশবাৰী, ছয়গাঁও, ধূপধৰা আদিৰ সূতা কটা কাৰিগৰ কুকুন বেংকৰ পৰা এড়ী কটা কুকুন লৈ যায় আৰু পৰম্পৰাগত সূতা কটা যন্ত্ৰ টকলী অথবা আধুনিক যন্ত্ৰবিলাকত সূতা কাটি স্থানীয় বিজয়নগৰ বজাৰত বেচে।

    বয়ন মিল

                স্থানীয় বয়ন মিল, ডিমালগাঁৱৰ কোকৰাঝাৰৰ মিনি স্পান মিল, ছটাবাৰী কামৰূপৰ ফেব্ৰিক প্লাছ প্ৰাইভেট লিমিটেড, এই দুটা মিলে কুকুন বেংকৰ সিংহভাগ ব্যৱহাৰ কৰে।

    কৌশল

                ব্যক্তিগত উত্পাদনকাৰীৰ পৰা ক্ষুদ্ৰ হাৰত উত্পাদিত SHGৰ দ্বাৰা আহৰণ কৰি প্ৰত্যেক গাঁৱত কুকুন জমা কেন্দ্ৰ খুলি তাৰ পৰা ৰেচম প্ৰদৰ্শক অথবা তত্বাৱধায়কৰ দ্বাৰা সামগ্ৰীখিনি আহৰণ কৰা।