মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

কৌশল বিকাশ

হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ

অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ে সমগ্ৰ ৰাজ্যত ১০২টা কৌশল বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ পৰিচালনা কৰি আছে, বিশেষকৈ গ্ৰামাঞ্চলত কাৰিকৰ সৃষ্টি কৰা আৰু হস্ততাঁত শিল্পৰ কৌশল উন্নত কৰাৰ বাবে এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰতিটো প্ৰশিক্ষণ কেন্দ্ৰৰ একোটা শিক্ষাবৰ্ষত ১৫ বা ২০ প্ৰশিক্ষাৰ্থীৰ বাবে প্ৰদান কৰা এই পাঠ্যক্ৰমৰ ম্যাদ এবছৰ। প্ৰতিজন প্ৰশিক্ষাৰ্থীৰ বাবে প্ৰতিমাহে ৮০ টকা মাননীৰ ব্যৱস্থাও উপলব্ধ। পাঠ্যক্ৰমৰ শেষত প্ৰশিক্ষাৰ্থী সকলৰ প্ৰশিক্ষণৰ মূল্যাংকণৰ অন্তত তেওঁলোকক অসম হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ দ্বাৰা একোখনকৈ প্ৰমাণ পত্ৰও প্ৰদান কৰা হয়। এই ১০২টা প্ৰশিক্ষণকেন্দ্ৰৰ মূঠ ক্ষমতা বছৰি ১৬৪০ গৰাকী প্ৰশিক্ষাৰ্থী।

হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠান

অসমত দক্ষ আৰু কাৰিকৰী ব্যক্তিসকলৰ উচ্চ প্ৰশিক্ষণৰ বাবে হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ অধীনত চাৰিটাকৈ হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে যি সকলে পৰৱৰ্তী সময়ত শিপিনী সকলক মূল্যসংযোজিত উত্পাদনৰ উদ্দেশ্যে বয়ন, আৰ্হি, ৰঞ্জন আৰু প্ৰক্ৰিয়াজাতকৰণ কাৰ্য্যক্ৰমৰ প্ৰদৰ্শন কৰিব পাৰে। এই চাৰিটা প্ৰতিষ্ঠানত প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদানৰ ক্ষমতা হৈছে ৯৭ গৰাকী আৰু এওঁলোকৰ মাহিলী মাননী হৈছে ২৫০ টকা। পাঠ্যক্ৰমৰ ম্যাদ হৈছে এবছৰ। পাঠ্যক্ৰমৰ অন্তিম মূল্যাকণৰ অন্তত সফল হোৱা প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ প্ৰমাণ পত্ৰও প্ৰদান কৰা হয়।

কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত বয়ন, ৰঞ্জন, আৰ্হিৰ প্ৰশিক্ষণঃ

ৰাষ্ট্ৰীয় হস্ততাঁত বিকাশ কাৰ্য্যক্ৰমৰ (এন.এইচ.ডি.পি.) খণ্ড পৰ্য্যায় গোট আৰু ব্যাপক হস্ততাঁত গোট বিকাশ আঁচনিৰ (চি.এইচ.চি.ডি.এছ.) অধীনত বয়ন, ৰঞ্জন, আৰ্হি, প্ৰৱন্ধকীয় আৰু তথ্য আৰু প্ৰযুক্তিশিল্প বিষয়ত শিপিনীসকলৰ কৌশল বিকাশৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা।