মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

খাদী উত্পাদন

ধাৰণা

            খাদী মানে কপাহ, পাট অথবা ঊণৰ যিকোনো এবিধ, অথবা দুবিধ কিম্বা, আটাইকেইবিধৰ পৰা যঁতৰেৰে সূঁতা কাটি হাতে বোৱা এক ধৰণৰ কাপোৰ। বহুমুখী গুণসম্পন্ন এই কাপোৰ গৰমত শীতল আৰু শীতত উমাল হোৱা দেখা যায়। সাম্প্ৰতিক কালত ফেশ্বন জগতে খাদী বস্ত্ৰক বিশেষভাৱে আদৰি লোৱাটো পৰিলক্ষিত হৈছে। অসমত খাদী বস্ত্ৰৰ জনপ্ৰিয়কৰণৰ বাবে অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড তথা অসম চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে। খাদী কপাহ, ৰেচম অথবা ঊণৰ হব পাৰে। খাদী আৰু অন্য হস্ততাঁত কাপোৰৰ মাজৰ পাৰ্থক্য ইয়াৰ বাগ কিম্বা ডাঠ-পিটৰ পৰা ঠাৱৰ কৰিব পাৰি। বয়নৰ সাধাৰণ খুটি-নাতি অথবা হাটে কটা সূঁতাৰ অসমানতাই খাদী কাপোৰক এক বিশেষ বৈশিষ্ট্য দান কৰে। খাদী সূঁতাৰ সৈতে অন্য সূঁতা মিহলি কৰি পাট-খাদী, টচ খাদী, মত্কা খাদী, পলী খাদী আদি ভিন্ন প্ৰকাৰৰ খাদী বস্ত্ৰ প্ৰস্তুত কৰা হয়। খাদী বস্ত্ৰই পিন্ধোতাক গৰমত শীতলতা প্ৰদান কৰাৰ বিপৰীতে শীতক উম প্ৰদান কৰে। এনে কাপোৰ যিমানে ধোৱা হয় সিমানে দেখনীয়াৰ আৰু পিন্ধিবলৈ ভাল লগা হয়। খাদী কেৱল বস্ত্ৰই নহয়, দৰাচলতে ই এক জীৱনশৈলীহে। ই স্বাধীনতাৰ প্ৰতীকস্বৰূপ। খাদীয়ে আমাক শিপালৈ ঘূৰি চোৱাৰ অৱকাশ প্ৰদান কৰে।

            একালৰ স্বাধীনতা সংগ্ৰামীৰ প্ৰতীকী বস্ত্ৰ বুলি পৰিচিত লাভ কৰা খাদী বস্ত্ৰই আজি ফেশ্বন গাৰ্মেণ্টৰ অভিধা লাভ কৰিবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত খাদী কেৱল কপাহী হৈয়ে থকা নাই। অঞ্চলে অঞ্চলে এতিয়া খাদীবস্ত্ৰ উত্পাদনৰ ক্ষেত্ৰত ন-ন প্ৰযুক্তিৰ প্ৰয়োগ হোৱাটো দেখিবলৈ পোৱা গৈছে। এনে বস্ত্ৰক দেখনীয়াৰ কৰিবলৈও (ৰঙা কৰা, এম্ব্ৰইডেৰী কৰা, ছাপ দিয়া আদি কাৰ্যত) তৰহে তৰহে প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। শেহতীয়াভাৱে খাদী বস্ত্ৰৰ চাহিদা দেশৰ ভিতৰে-বাহিৰে ইমানেই বৃদ্ধি পাইছে যে দেশৰ ভিন্ন প্ৰান্ত লাখে লাখে মানুহে খাদী বস্ত্ৰ উত্পাদন কৰিও এই চাহিদা পূৰণ কৰিবলৈ অপৰাগ হৈছে। হাতে বোৱা কাপোৰত ৰোৱা সামান্য খুটি-নাটিয়ে বিশেষ সৌন্দৰ্য দান কৰাটোৱেই হৈছে খাদী সামগ্ৰীৰ সহজাত বৈশিষ্ট্য। এই বৈশিষ্ট্যকে অক্ষুন্ন ৰখাৰ প্ৰয়াস কৰি আহিছে খাদী বিশাৰদসকলে। খাদী কেৱল এক সুন্দৰ অৰ্থনৈতিক সম্ভাৱনাই নহয় বৰং ই এক বিজ্ঞান আৰু আবেগৰ সমলো।

খাদীক চাৰিটা গোটত ভাগ কৰা হৈছে –

            (ক) কপাহী খাদী

            (খ) ৰেচম খাদী (এড়ী, মুগা আৰু পাট)

            (গ) ঊণী খাদী

            (ঘ) পলী খাদী

            অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা ৪৭টা খাদী উত্পাদন কেন্দ্ৰৰ জৰিয়তে বিভিন্ন খাদী সামগ্ৰী উত্পাদনী কাৰ্যক্ৰম ৰূপায়িত কৰি আহিছে। গ্ৰামাঞ্চলত থকা এই কেন্দ্ৰসমূহ হল-

(১) ৰামপুৰ খাদী উত্পাদন কেন্দ্ৰ, কামৰূপ

(২) ছয়গাঁও খাদী উত্পাদন কেন্দ্ৰ, কামৰূপ

(৩) শুৱালকুছি খাদী উত্পাদন কেন্দ্ৰ, কামৰূপ

(৪) হাজো খাদী উত্পাদন কেন্দ্ৰ, কামৰূপ

(৫) বামুন্দী খাদী উত্পাদন কেন্দ্ৰ, কামৰূপ

(৬) বাইহাটা খাদী উত্পাদন কেন্দ্ৰ, কামৰূপ

(৭) গোৰেশ্বৰ খাদী উত্পাদন কেন্দ্ৰ, কামৰূপ

(৮) ভাঙ্গুৰীপাৰা খাদী উত্পাদন কেন্দ্ৰ, কামৰূপ

(৯) বৰমা খাদী উত্পাদন কেন্দ্ৰ, নলবাৰী

(১০) বাঁহজানি খাদী উত্পাদন কেন্দ্ৰ, নলবাৰী

(১১) তামুলপুৰ খাদী উত্পাদন কেন্দ্ৰ, নলবাৰী

(১২) তামুলপুৰ খাদী উত্পাদন কেন্দ্ৰ, নলবাৰী

(১৩) ঘগ্ৰাপাৰ খাদী উত্পাদন কেন্দ্ৰ, নলবাৰী

(১৪) আদাবাৰী খাদী উত্পাদন কেন্দ্ৰ, নলবাৰী

(১৫) আম্ৰিখোৱা খাদী উত্পাদন কেন্দ্ৰ, বৰপেটা

(১৬) বৰপেটা খাদী উত্পাদন কেন্দ্ৰ, বৰপেটা

(১৭) গৰ্হ খাদী উত্পাদন কেন্দ্ৰ, বৰপেটা

(১৮) মাণিকপুৰ খাদী উত্পাদন কেন্দ্ৰ, বঙাইগাঁও

(১৯) নিত্যানন্দ খাদী উত্পাদন কেন্দ্ৰ, নলবাৰী

(২০) কোকৰাঝাৰ খাদী উত্পাদন কেন্দ্ৰ, কোকৰাঝাৰ

(২১) সত্ৰশাল খাদী উত্পাদন কেন্দ্ৰ, ধুবুৰী

(২২) মজাখালি খাদী উত্পাদন কেন্দ্ৰ, গোৱালপাৰা

(২৩) মাটিয়া খাদী উত্পাদন কেন্দ্ৰ, গোৱালপাৰা

(২৪) চিপাঝাৰ খাদী উত্পাদন কেন্দ্ৰ, দৰং

(২৫) ঢেকিয়াজুলিয়া খাদী উত্পাদন কেন্দ্ৰ, শোণিতপুৰ

(২৬) ৰহা খাদী উত্পাদন কেন্দ্ৰ, নগাঁও

(২৭) লংকা খাদী উত্পাদন কেন্দ্ৰ, নগাঁও

(২৮) জাজৰি খাদী উত্পাদন কেন্দ্ৰ, নগাঁও

(২৯) মৰিগাঁও খাদী উত্পাদন কেন্দ্ৰ, মৰিগাঁও

(৩০) বাৰপূজিয়া খাদী উত্পাদন কেন্দ্ৰ, মৰিগাঁও

(৩১) বাঘজাপ খাদী উত্পাদন কেন্দ্ৰ, মৰিগাঁও

(৩২) ৰাংঢালি খাদী উত্পাদন কেন্দ্ৰ, গোলাঘাট

(৩৩) টিয়ক খাদী উত্পাদন কেন্দ্ৰ, যোৰহাট

(৩৪) তিতাবৰ খাদী উত্পাদন কেন্দ্ৰ, যোৰহাট

(৩৫) শিৱসাগৰ খাদী উত্পাদন কেন্দ্ৰ, শিৱসাগৰ

(৩৬) নাজিৰা খাদী উত্পাদন কেন্দ্ৰ, শিৱসাগৰ

(৩৭) ঢকুৱাখনা খাদী উত্পাদন কেন্দ্ৰ, লখিমপুৰ

(৩৮) লক্ষীপুৰ খাদী উত্পাদন কেন্দ্ৰ, কাছাৰ

(৩৯) লালা খাদী উত্পাদন কেন্দ্ৰ, হাইলাকান্দি

(৪০) কৰিমগঞ্জ খাদী উত্পাদন কেন্দ্ৰ, কৰিমগঞ্জ

(৪১) পাথাৰকান্দি খাদী উত্পাদন কেন্দ্ৰ, কৰিমগঞ্জ

(৪২) লাংটিং খাদী উত্পাদন কেন্দ্ৰ, ডিমা হাছাও

(৪৩) মাইবং খাদী উত্পাদন কেন্দ্ৰ, ডিমা হাছাও

(৪৪) ডকমকা খাদী উত্পাদন কেন্দ্ৰ, ডিমা হাছাও

(৪৫) লাংহিন্ খাদী উত্পাদন কেন্দ্ৰ, কাৰ্বি আংলং

(৪৬) জপৰাজান খাদী উত্পাদন কেন্দ্ৰ, কাৰ্বি আংলং

(৪৭) জেংখা খাদী উত্পাদন কেন্দ্ৰ, কাৰ্বি আংলং

উল্লিখিত কেন্দ্ৰসমূহত স্থানীয় শিপিনীসকলে খাদী সূঁতা প্ৰস্তুত কৰাৰ লগতে শালত কাপোৰ বৈ বস্ত্ৰ উত্পাদন কৰে। ইয়াৰ বাবদ তেওঁলোকে ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ পৰিষদ আৰু মধ্যম লঘূ আৰু ক্ষুদ্ৰ শিল্প দপ্তৰে নিৰ্দ্ধাৰণ কৰা হাৰত মজুৰি আৰু অন্যান্য পাৰিতোষিক লাভ কৰে।

শিপিনী আৰু কাৰিকৰসকলৰ কল্যাণমূলক আঁচনি –

১। মজুৰি

ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ পৰিষদে নিৰ্দ্ধাৰণ কৰা পাৰিশ্ৰমিক তালিকাৰ নিৰিখত

২। উদগণিমূলক পাৰিতোষিক

শিপিনী-কাৰিকৰসকলে পাৰিশ্ৰমিকৰ ১০ শতাংশ হাৰত উদগণিমূলক পাৰিতোষিক লাভ কৰে।

৩। কাৰিকৰ কল্যাণ পুঁজি

যোগ্য কাৰিকৰসকলক পাৰিশ্ৰমিকৰ ১২ শতাংশ হাৰত সহযোগিতা আগবঢ়োৱা হয়।