মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

হস্ততাঁত আৰু বস্ত্ৰশিল্পজাত সামগ্ৰীৰ বজাৰকৰণ

নতুন উত্পাদন স্ৰোত আৰম্ভ কৰা, সংস্থিতি বজাৰৰ অনুসন্ধান কৰি উলিওৱা আৰু লগতে উত্কৃষ্ট গ্ৰাহক মূল্য আৰু সন্তুষ্টি প্ৰদান আৰু সৃষ্টি কৰিব পৰা সকলো কাৰ্য্য সম্পাদন কৰা আদি সকলোবোৰৰ জৰিয়তে অসম চৰকাৰ বিপণন সমবায় লিমিটেড আৰু আৰ্টফেডে হাতে বোৱা বস্ত্ৰশিল্পক নেতৃত্ব প্ৰদান কৰি আহিছে। বজাৰত আৰ্টফেডে শ্ৰেষ্ঠ আৰু সঠিক সেৱা আগবঢ়োৱা আৰু লগতে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ প্ৰয়োজন আৰু আকাংক্ষা পূৰণৰ বাবে কাৰ্য্যক্ৰমণিকা তৈয়াৰ কৰাৰ বাবে চেষ্টা চলাই আহিছে।

সংঘই বৰ্তমান হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডত বহনক্ষম অৱস্থা বজাই ৰখা আৰু নিয়োগৰ পথ সৃষ্টি কৰা, হস্ততাঁত শিপিনী আৰু শিল্পী সকলৰ আৰ্থ-সামাজিক স্থিতি উন্নত কৰা,উতপাদন বৃদ্ধি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডৰ বজাৰ সম্ভাৱনীয়তা বৃদ্ধি কৰাআৰু লগতে গোলকীয় বজাৰত ইয়াৰ অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বাবে আত্মবিশ্বাসেৰে প্ৰতিযোগিতা কৰাত গুৰুত্ব আৰোপ কৰিছে। সংঘই গোলকীয় বজাৰলৈ অসমৰ হাতেবোৱা বস্ত্ৰশিল্প বিশেষকৈ মূগা আৰু এৰি পাটৰ ৰপ্তানি বৃদ্ধি কৰা পথৰ সন্ধানতো বিশেষ গুৰুত্ব আৰোপ কৰিছে।

৪০-৫০ কোটি টকা মূল্যৰ উত্পাদন অধিক্ৰয়ৰ জৰিয়তে সংঘই বছৰি অসমৰ প্ৰায় ডেৰ লাখতকৈ অধিক শিপিনী আৰু কলা-কুশলীক পোনপটিয়াকৈ সংস্থাপন প্ৰদান কৰে আৰু তেঁওলোকৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰাৰ বাবেও উত্পাদন আৰু বজাৰকৰণৰ সকলো প্ৰকাৰৰ সূবিধা প্ৰদান কৰে। উদাৰীকৰণ, গোলকীকৰণ আৰু ব্যক্তিগতকৰণৰ দৰে বৰ্তমানৰ অৰ্থনৈতিক পৰিবৰ্তনসমূহ বিবেচনা কৰি আৰ্টফেড ব্যৱস্থাপনাই দ্ৰুত প্ৰযুক্তিশিল্প উন্নীতকৰণ, কেঁচা-সামগ্ৰীৰ ভেটি টনকিয়াল কৰা, ইয়াৰ অন্তৰ্নিহিত শক্তি অনুযায়ী উদ্যোগিক ক্ষেত্ৰত সংগতি পূৰ্ণ বিকাশ কৰা, বিদ্যমান মানৱ সম্পদৰ উন্নয়ন সাধন কৰা, উত্পাদন বৈচিত্ৰতাৰ সৈতে বহু ফাইবাৰ আধাৰ বিস্তাৰ কৰা, মূলধন বিনিয়োগৰ বাবে উত্সাহিত কৰা, খণ্ডত যৌথ উদ্যোগ আৰু উল্লেখযোগ্য ৰপ্তানি বৃদ্ধি কৰা আদি বোৰৰওপৰত বিশেষগুৰুত্ব প্ৰদান কৰিছে।

বজাৰ উত্তৰণ আৰু বজাৰ সমৰ্থন আঁচনিৰ অধীনত অসম চৰকাৰ বিপণন সমবায় লিমিটেড আৰু আৰ্টফেডে প্ৰতি বছৰে ৰাষ্ট্ৰীয় হস্ততাঁত মেলা, বিশেষ হস্ততাঁত মেলা, জিলা পৰ্য্যায় অনুষ্ঠান, শিল্প বজাৰ, গান্ধী শিল্প বজাৰ, হস্ততাঁত মেলা, গুণ মেলা আদিবোৰৰ আয়োজন কৰি আহিছে।