মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

লক্ষ্য আৰু মিছন

লক্ষ্য

আধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰা তথা প্ৰেৰণাৰ সৈতে গ্ৰাম্য অৰ্থনীতিক স্বচ্ছল বনোৱাৰ জৰিয়তে হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্পত সৰ্বাঙ্গীন উন্নতি সাধন কৰা। ইয়াৰ বাবে প্ৰয়োজনীয় কাম কৰাৰ পৰিবেশ প্ৰদান আৰু কল্যাণমূলক সুবিধা প্ৰদান কৰি ভাল জীৱন যাপনৰ সুবিধা দিয়াৰ বাবে উচ্চ মানৰ কেঁচা সামগ্ৰী আৰু নিৰ্মিত সামগ্ৰী তৈয়াৰ কৰা। ইয়াৰ জৰিয়তে আধুনিক আৰু জীৱন্ত আৰু একক উচ্চ শ্ৰেণীৰ বস্ত্ৰ উদ্যোগৰ ৰচনা কৰা।

অভিযান

            ১। গ্ৰাম্য অৰ্থনীতিৰ স্বচ্ছলতাৰ বাবে আধুনিক প্ৰযুক্তিগত মানবিশিষ্ট সামগ্ৰীৰ ওপৰত জোৰ, প্ৰেৰণা দান তথা উচ্চ মানদণ্ডৰ সামগ্ৰী প্ৰদৰ্শন।

            ২। কাৰ্যক্ষেত্ৰত সুপৰিবেশ প্ৰদান, কল্যাণমূলক সুবিধা প্ৰদানৰ দ্বাৰা ভাল জীৱনশৈলী প্ৰদান।

            ৩। উন্নত মানৰ কেঁচা সামগ্ৰী তথা নিৰ্মিত সামগ্ৰীৰ উত্পাদন বৃদ্ধি।