মুগা ৰেচম পলু-
মুগা ৰেচম পলু, আনথেৰিয়া আচামা ৱেষ্টউড (সাৰাংশ-আনথেৰিয়া আচামেনচিচ হেল্ফ, আনথেৰিয়া মেজাংকৰি মোৰি) ফাইলুম- আৰ্থৰোপদা বিভাগৰ, শ্ৰেণী- কীট, লেপিডোপটেৰা গোটৰ আৰু চাতুৰনিদেইপৰিবাৰৰ প্ৰজাতি।
পৰিবাৰ বিশেষত্ব – কণীসদৃশ এণ্টেনা
সামান্য ওঠ সদৃশ ত্বক
সৰু দাঁতবিশেষ
নোমবিহীন
মুগা পলুৰ প্ৰতিপালন
মুগা পলুৰ প্ৰজনন গছত হয়। এজোপা গছক এবছৰত দুবাৰ প্ৰজনন ও বিকাশৰ বাবে ব্যৱহাৰ কৰিব পাৰি এবাৰ বসন্ত কালত আৰু এবাৰ শৰত্ কালত। সেই হিচাপত এজোপা গছে এবছৰত ১০০০ খোলাৰ উত্পাদন কৰিব পাৰে। এক কেজি মুগা ৰেচমৰ বাবে ৫০০০ খোলাৰ প্ৰয়োজন হয় যাৰ অৰ্থ হল ৫ জোপা গছৰ প্ৰয়োজনীয়তা। মুগা পলু অৰ্ধ-আৱাসিক পলু আৰু বহুপ্ৰজী প্ৰজাতিৰ হয় আৰু এবছৰত ৫ৰ পৰা ৬টা প্ৰজন্মৰ উত্পাদন কৰিব পাৰে।
অসমীয়া বৰ্ষপঞ্জীৰ আধাৰত বিভিন্ন প্ৰজ্মক অনুসূচিত কৰিব পাৰি-
ক্ৰমিক নং | অসমীয়া নাম | ঋতু | মাহ | মন্তব্য |
---|---|---|---|---|
১ | জাৰুৱা | শীত | ডিচেম্বৰ-ফেব্ৰুৱাৰী | আগৰ বীজৰ খেতি
|
২ | চটোৱা | প্ৰাক বসন্ত | মাৰ্চ-এপ্ৰিল | বীজ খেতি
|
৩ | জেঠুৱা | বসন্ত | মে-জুন | দ্বিতীয় ব্ৱসায়িক খেতি |
৪ | আহেৰুৱা | প্ৰাক গ্ৰীষ্ম | জুন-জুলাই | আগৰ বীজৰ খেতি
|
৫ | ভদীয়া | গ্ৰীষ্ম অন্ত | আগষ্ট-ছেপতেম্বৰ | বীজ খেতি
|
৬ | কতীয়া | শৰত্ | অক্টোবৰ-নৱেম্বৰ | মুখ্য ব্যৱসায়িক খেতি |