মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

ৰেচম পলুৰ প্ৰতিপালন

এড়ী পলুৰ পালন

এড়ী পলুৰ পালন

            এড়ী পলুৰ খেতি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে বেছিকৈ কৰা হয়। লগতে দাঁতিকাষৰীয়া কিছু ৰাজ্য যেনে- অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ডৰ কিছুমান জিলাত এড়ী পোৱা যায়। ইয়াৰোপৰি ভাৰতৰ কিছু ৰাজ্য অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ছত্তীশগড়, গুজৰাট, ঝাৰখণ্ড, উৰিষ্যা, তামিলনাডু, উত্তৰাখণ্ড, পশ্চিম বংগ আদিতো ঠাইবিশেষে এড়ী পোৱা যায়।

            এড়ী পলু স্বভাৱগতভাৱে বহুপ্ৰজী। ইয়াৰ অৰ্থ হল বছৰত এবাৰতকৈ বেছি প্ৰজনন কৰা জীৱ। ই বছৰত ৪-৫ বাৰ পৰ্যন্ত প্ৰজনন কৰিব পাৰে। এড়ী পলুৰ ২৬টা পৰিস্থিতিক প্ৰজাতি পোৱা যায়, উদাহৰণস্বৰূপে, বৰদুৱাৰ, খানাপাৰা, কোকৰাঝাৰ, তিতাবৰ, ডিফু, গেনু, নংফু ইত্যাদি।

আহাৰ প্ৰদান-

            দিনটোত পলুক ৪ৰ পৰা ৫ বাৰ পৰ্যন্ত আহাৰ দিব লাগে কিছু সময়ৰ অন্তৰালত।

এড়ী চাঙৰ পৰিচ্ছন্নতা

  • ১ম পৰ্যায়  - ১বাৰ
  • ২য় পৰ্যায়  - ২বাৰ
  • ৩য় পৰ্যায়  - ৩বাৰ
  • ৪ৰ্থ পৰ্যায়  - ৩বাৰ
  • ৫ম পৰ্যায়  - দৈনিক এবাৰ