মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

ৰেচম পলুৰ প্ৰতিপালন

নুনী ৰেচম পলুৰ পতঙ্গ

নুনী ৰেচম পলুৰ প্ৰজাতি

ৰেচম পলুৰ প্ৰজাতিৰ উত্কৃষ্ঠতাৰ ওপৰতে ৰেচম শিল্প সৰ্বাঙ্গীন বিকাশ নিৰ্ভৰশীল। ৰেচম শিল্পৰ সুদীৰ্ঘ ইতিহাসৰ বহু ৰেচম পলুৰ প্ৰজাতিক ব্যৱহাৰিকভাৱে উত্কৃষ্ট বুলি চিনাক্ত কৰি ইহঁতক সংৰক্ষণৰ ব্যৱস্থা কৰি অহা হৈছে।

বম্বিক্স মৰিৰেচম পলুক ৫টা ভাগত বিভক্ত কৰা হৈছে, জাপানী, চীনা, ইউৰোপীয়, কোৰিয়ান আৰু উষ্ণকটিবন্ধীয়। জাপানী (ডাম্বেল আকৃতিৰ পলু) আৰু চীনা (অৰ্ধ গোলাকাৰ আকৃতিৰ পলু)ক সমশীতোষ্ণ অঞ্চলত ব্যৱহাৰ কৰা হয়। আনহতে উষ্ণকটিবন্ধীয় অঞ্চলত বহুপ্ৰজী প্ৰজাতিক ব্যৱহাৰ কৰা হয় অথবা ইহঁতক চীনা বা জাপানী প্ৰজাতিৰ লগত সংৰক্ষণ কৰা হয়।

প্ৰজনন ক্ষমতাৰ ওপৰত আধাৰিত উল্লেখযোগ্য লক্ষণ-

            ১. একপ্ৰজী – ঠাণ্ডা অঞ্চলৰ বাবে উপযুক্ত পতঙ্গৰ বিকাশ সময় তুলনামূলকভাৱে দীঘল কাৰণ শৰীৰৰ আকাৰ ডাঙৰ। ৰেচমৰ গুণৱণ্ডা উত্তম। বেছি উষ্ণতা আৰু আদ্ৰতা এই প্ৰজাতিৰ বাবে প্ৰতিকূল। একপ্ৰজী পলু বৰাপলু বা বৰপাত অসমৰ স্থানীয় প্ৰজাতি।

            ২. দ্বিপ্ৰজী – এই প্ৰজাতিৰ বাবে উষ্ণ অঞ্চল অনুকূল। একপ্ৰজীৰ তুলনাত পতঙ্গৰ বিকাশ সময় তুলনামূলকভাৱে কম। পতঙ্গৰ দেহ সুদৃঢ়, খোলা আৰু ৰেচমৰ গুণৱণ্ডা ভাল। অতি উষ্ণতা আৰু আদ্ৰতা ইহঁতৰ বাবে অনুকূল।

            ৩. বহুপ্ৰজী – উষ্ণ অঞ্চলত তিষ্ঠিব পাৰে, কীটৰ বিকাশ পৰ্যায় একপ্ৰজীৰ তুলনাত কম। কীটৰ দেহ সুদৃঢ়, সৰু খোলা আৰু ৰেচমৰ গুণাগুণ মধ্যম। ইহঁতে অ-সুপ্ত কণীহে পাৰে। এই প্ৰজাতিৰ চোটপলু বা সৰুপাত আৰু মৰিয়া অসমৰ স্থানীয় প্ৰজাতি।

নতুন উত্পাদনক্ষম প্ৰজাতি/সংকৰ-

চি.এছ.আৰ.২- এক জাপানী ব্যৱসায়ীক সংকৰৰ পৰা উত্পন্ন এক নতুন দ্বিপ্ৰজী প্ৰজাতিৰ যাক বিকশিত কৰিছে চি.এছ.আৰ.টি.আই., মৈচুৰী।

কণী – নতুনকৈ পৰা কণীবিলাক হালধীয়া বৰণৰ কণীৰ সংখ্যা ৪৫০ৰ পৰা ৫০০ ভিতৰত।

কীট – নতুনকৈ জন্ম হোৱা কীটবিলাক গাঢ় মুগা বৰণৰ হয়। পৈণত কীট নীলাভ বগা হয়। বিকাশৰ সময় ২৩-২৪ দিনৰ (নিয়ন্ত্ৰিত পৰিস্থিতি) কীটৰ ৫ম পৰ্যায়ৰ ম্যাদ ৬-৭ দিন।

কীট খোলা – বগা বৰণৰ, অৰ্ধগোলাকাৰ খোলা। মাত্ৰাধিক বা কম পৰিমাণৰ চকলা থাকে আৰু অল্পমাত্ৰ সূতাৰ আৱৰণযুক্ত। জীৱন ক্ষমতা ৫-৯০ শতাংশ। কীট ওজন ১.৮০-১.৯৫ গ্ৰাম, কীট খোলাৰ ওজন ০.৪৫-০.৫ গ্ৰাম, খোলাৰ অনুপাত ২৪-২৬ শতাংশ, কেঁচা ৰেচম শতাংশ ২০-২২ শতাংশ, তন্তুৰ দৈৰ্ঘ্য ১০০০-১৩০০ মিটাৰ, নিপুণতা ৮৫-৯০ (অংক)।

পতঙ্গ – কীটৰ পৰ পতঙ্গলৈ ৰূপান্তৰণ সময় প্ৰায় ১৩ দিন। সুপ্ত কণী পাৰে। কণীৰ সংখ্যা ১৮৮০ প্ৰত্যেকবাৰত।

চি.এছ.আৰ.৪- চি.এছ.আৰ.আই.টি. মৈশূৰত বিকশিত, জাপানী ব্যৱসায়ীক সংকৰৰ পৰা প্ৰস্তুত এক দ্বিপ্ৰজী প্ৰজাতি।

কণী – নতুনকৈ পৰা কণীবিলাক হালধীয়া বৰণৰ কণীৰ সংখ্যা ৬০০-৬৫০ ভিতৰত।

কীট – নতুনকৈ জন্ম হোৱা কীটবিলাক ঈৰ্ষত ক’লা বৰণীয়া হয়। পৈণত কীট ৰংচুৱা আভাযুক্ত হয়। বিকাশৰ সময় ২৪-২৫ দিনৰ (নিয়ন্ত্ৰিত পৰিস্থিতি) কীটৰ ৫ম পৰ্যায়ৰ ম্যাদ ৬-৭ দিন।

কীট খোলা – বগা দীৰ্ঘাকাৰ ডাম্বেল আকৃতিৰ, শেষৰ পিনে গোলাকাৰ। মাত্ৰাধিক বা কম পৰিমাণৰ দানা আৰু চকলাযুক্ত তথা অল্পমাত্ৰ সূতাৰ আৱৰণযুক্ত। জীৱন ক্ষমতা ৯০-৯৫ শতাংশ। কীট ওজন ১.৯০-২.১৫ গ্ৰাম, কীট খোলাৰ ওজন ০.৪৫-০.৫ গ্ৰাম, খোলাৰ অনুপাত ২১-২২ শতাংশ, কেঁচা ৰেচম শতাংশ ১৬-১৭ শতাংশ, তন্তুৰ দৈৰ্ঘ্য ১০০০-১২০০ মিটাৰ, নিপুণতা ৮৫-৯০ (অংক)।

পতঙ্গ – কীটৰ পৰ পতঙ্গলৈ ৰূপান্তৰণ সময় প্ৰায় ১৪ দিন। সুপ্ত কণী পাৰে। কণীৰ সংখ্যা ১৮১০ প্ৰত্যেকবাৰত।

চি.এছ.আৰ.৫- চি.এছ.আৰ.আই.টি. মৈশূৰত বিকশিত, জাপানী ব্যৱসায়ীক সংকৰৰ পৰা প্ৰস্তুত এক দ্বিপ্ৰজী প্ৰজাতি।

কণী – নতুনকৈ পৰা কণী উজ্জ্বল হালধীয়া বৰণৰ হয়। কণীৰ সংখ্যা ৪৭৫-৫২৫ পৰ্যন্ত হব পাৰে।

কীট – নতুনকৈ জন্ম হোৱা কীটবিলাক ঈৰ্ষত ক’লা বৰণীয়া হয়। পৈণত কীট ৰংচুৱা আভাযুক্ত হয়। বিকাশৰ সময় ২৪-২৫ দিনৰ (নিয়ন্ত্ৰিত পৰিস্থিতি) কীটৰ ৫ম পৰ্যায়ৰ ম্যাদ ৬-৭ দিন।

কীট খোলা – বগা দীৰ্ঘাকাৰ ডাম্বেল আকৃতিৰ, শেষৰ পিনে গোলাকাৰ, অকনমান চেপখোৱা। মাত্ৰাধিক বা কম পৰিমাণৰ দানাযুক্ত আৰু চকলাযুক্ত তথা অল্পমাত্ৰ সূতাৰ আৱৰণযুক্ত। জীৱন সম্ভাৱনীয়তা ৮৫.৯০ শতাংশ, কীট ওজন ১.৮০-১.০৫ গ্ৰাম, কীট খোলাৰ ওজন ০.৪৫-০.৫ গ্ৰাম, খোলাৰ অনুপাত ২৪-২৫ শতাংশ, কেঁচা ৰেচম শতাংশ ২০-২১ শতাংশ, তন্তুৰ দৈৰ্ঘ্য ১০০০-১২০০ মিটাৰ, নিপুণতা ৮৫-৯০ (অংক)।

পতঙ্গ – কীটৰ পৰ পতঙ্গলৈ ৰূপান্তৰণ সময় প্ৰায় ১৪ দিন। সুপ্ত কণী পাৰে। কণীৰ সংখ্যা ১৭৮০ প্ৰত্যেকবাৰত।

নতুন উত্পাদনক্ষম দ্বিপ্ৰজী সংকৰ-

            নতুন সংকৰ চি.এছ.আৰ.২Xচি.এছ.আৰ.৪ আৰু চি.এছ.আৰ.২Xচি.এছ.আৰ.৫ৰ বিশেষ লক্ষণসমূহ-

চি.এছ.আৰ.২Xচি.এছ.আৰ.৪ আৰু চি.এছ.আৰ.২Xচি.এছ.আৰ.৫ এই দুই সংকৰৰ বিশেষত্ব হল, সুদৃঢ়তা, উচ্চ খোলা অনুপাত, উচ্চখাপৰ নিপুণতা ও পকাই খাবলৈ সহজ। অনুকূল প্ৰজনন সময় ছেপ্তেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ দক্ষিণ ভাৰতত তথা সমশীতোষ্ণ আৰু মধ্যম উষ্ণকটিবন্ধীয় অঞ্চলত। মোট সলোৱা কাৰ্য একপ্ৰকাৰৰ বিকাশ সময় ২৩ দিন।

  • নতুন প্ৰজন্মৰ সংখ্যা – ৫৯০
  • কণীৰ পৰা পোৱালী জন্মৰ শতকৰা অনুপাত – ৯৬.২
  • বিকাশ সময় - ২৩ দিন, ঘণ্টা ০.০০
  • প্ৰতি ১০,০০০ত উত্পদন – ৯৫৯৫
  • প্ৰতি ১০,০০০ কীটৰ ওজন প্ৰতি কেজি – ২১.৬৭
  • একক কীট খোলাৰ ওজন (গ্ৰাম) – ২.২৬
  • একক খোলাৰ ওজন (গ্ৰাম) – ০.৫৫৩
  • খোলাৰ অনুপাত মাত্ৰাধিক শতাংশ – ২৪.৫
  • তন্তুৰ দৈৰ্ঘ্য (মিটাৰ) - ১২৮৫
  • কেঁচা ৰেচমৰ শতাংশ – ১৯.৫
  • ডেনিয়াৰ– ২.৯৫
  • পকন ক্ষমতা শতাংশ- ৮৮.০০
  • ৰেনডিটৈ -৪.৯