মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

ৰেচম পলুৰ প্ৰতিপালন

নুনী ৰেচম পলুৰ প্ৰজনন আৰু আপদাল

নুনী ৰেচম পলুৰ প্ৰজনন আৰু আপদাল-

চাওকীৰ প্ৰজনন

            চাওকীৰ প্ৰজননৰ দবাৰা সফল পলুৰ খেতি কৰিব পাৰি। নতুনকৈ জনম হোৱা কীটবোৰক সাৱধানতাৰে মিহিকৈ কাটি থোৱা নুনী পাতত থোৱা হয়। নুনী পাতৰ আকাৰ আৰু কীট থোৱা চাঙৰ মাজৰ শাৰীৰ ঠাইখিনি অত্যন্ত ভালকৈ প্ৰৱন্ধন কৰিলে ভাল ফলাফল পোৱা যায়। ৩য় পৰ্যায়লৈকে ৰক্ষণাবেক্ষণ কৰাটো জৰুৰী।

দীৰ্ঘ পৰ্যায়ৰ আপদালৰ প্ৰক্ৰিয়া-

            দীৰ্ঘ পৰ্যায়ৰ আপদালৰ বহুকেইটা প্ৰক্ৰিয়া আছে। দীৰ্ঘ পৰ্যায় মানে ৪ৰ্থ তথা ৫ম পৰ্যায়। অৱশ্যে কৃষকসকলে নিজৰ অৰ্থনৈতিক অৱস্থা, ঠাইৰ সূচলতা, খেতি কৰিবলৈ আহিলাৰ সূচলতা আদিৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ প্ৰক্ৰিয়া অৱলম্বন কৰে। ৰেচম পলুৰ প্ৰজনন আৰু আপদাল তিনি প্ৰকাৰে কৰিব পাৰি, যেনে- ১. ট্ৰে প্ৰণালী, ২. মজিয়া প্ৰণালী, ৩. পাতৰ আগ প্ৰণালী