মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

ৰেচমৰ ব্যৱহাৰ

সময়ে ঢুকি নোপোৱাৰ আগৰ পৰাই মানহে প্ৰাকৃতিক সূতাক আদৰ কৰিছিল। প্ৰাক-বৈদিক কালৰ পৰাই ৰেচমৰ ভাৰতৰ ব্যৱসায়িক তথা সাংস্কৃতিক মহত্ব আছিল।ৰেচম শব্দই নুনী ৰেচমৰহে কথা কয়। ই কোমল, মসৃণ, ধুনীয়া আৰু বস্ত্ৰ উদ্যোগত বস্ত্ৰ ৰাণী হিচাপে পৰিচিত।

কেঁচা ৰেচম বস্ত্ৰ বনাবলৈ ব্যৱহাৰ কৰা হয়, যেনে- চাৰ্ট, চ্যুট, টাই, ব্লাউজ, অন্তৰ্বাস, পাইজামা, জেকেট ইত্যাদি। হাতে পকোৱা নুনী ৰেচমৰে লিপি, বেগ তথা আৰামদায়ক বস্ত্ৰ বনোৱা হয়। অন্যান্য বস্ত্ৰ যেনে ডুপিয়ন, চাদা ৰেচম, ডিপ্লেক্স, চেটিন, চিফন, চিনন, ক্ৰিপ, ব্ৰকেড আদি নুনী ৰেচমৰ পৰা বনোৱা হয়। কাৰ্পেট, আচবাবৰ কাপোৰ, পৰ্দা, মেৰিওৱা কাপোৰ, গিলিফা, চোফাৰ কাপোৰ, দেৱালত টঙা আদি।

মোজা, ষ্টকিং ইত্যাদি বহুদামী তথা ইয়াৰ এখন ভাল বজাৰ উপলব্ধ আছে।

অস্ত্ৰোপ্ৰচাত ব্যৱহাৰ কৰা ৰেচমী সূতা যাক আভ্যন্তৰীণ চিলাইৰ বাবে ব্যৱহাৰ কৰা হয় সেয়া ৰেচম গ্ৰন্থিৰ পৰা বনোৱা হয়। ৰেচম গ্ৰন্থিক কাটি গৰম পানীত ডুবাই দুয়ো পিনৰ পৰা টানি এক সমান মেটাইৰ সূতা বনোৱা হয়। এই প্ৰটিন বিধ স্বতঃবিলীন হয় আৰু সেয়ে চিলোৱাৰ পাছত ইয়াক কাটি উলিয়াব নাগালে। ৰেচমৰ কলম কাটি যোৱা সিৰাৰ স্থানত সফলতাপূৰ্বকভাৱে লগোৱা হৈছে।

ৰেচম পলুক পৰীক্ষাগাৰতো পৰীক্ষা কৰাব পাৰি ইয়াৰ বংশগতি জানিবলৈ। এই পলুবিধ পৰীক্ষাগাৰৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে উপযুক্ত আহিলা। জাপানত বিভিন্ন ধৰণৰ জেনেটিক্স ও বায়োটেকনোলজীৰ অধ্যয়নৰ বাবে ৰেচম পলুক ব্যৱহাৰ কৰা হয়। বায়োটেকনোলজী জেনেটিক পৰীক্ষাৰ বাবে ৰেচম পলু উপযোগী। সেয়া কুকুন, মেৰোৱা সূতাৰ বেকাৰ অংশৰ দ্বাৰা স্পাম ৰেচম বস্ত্ৰ বনোৱা হয়।

অলাগতীয়াল ৰেচমক হাতেৰে পকাই মটকা, কটন, ফেঁচুৱা (যতন বা যতম, ঝুট) আৰু নহল সূতা বনোৱা হয়। অলাগতীয়াল ৰেচমৰ পৰা বনোৱা সামগ্ৰীৰ এখন ভাল ৰপ্তানি বজাৰ আছে।

বন্য ৰেচমৰ ভিতৰত আচাৰ ৰেচমৰ সুন্দৰ ডিজাইনবোৰ হস্ততাঁতত বনোৱা হয়। সেয়া হল- ঘিচা নইল, তাচাৰ বিশুদ্ধ, কপাহ-তাচাৰৰ মিশ্ৰণ, তাচাৰ নুনী মিশ্ৰণ, ধাৰিৰ বস্ত্ৰ।

মুগা ৰেচম বস্ত্ৰ অসমীয়া মহিলাই মেখেলা, ৰিহা-চাদৰ ইত্যাদিৰ ৰূপত বহলভাৱে ব্যৱহাৰ কৰে।

এড়ী ৰেচমক পিন্ধা বস্ত্ৰ তথা স্কাৰ্ফ চাদৰ, শ্বল, কম্বল ইত্যাদি বনাবলৈ ব্যৱহাৰ কৰা হয়।

তিনিতৰপীয়া ৰেচম সূতা পেন্সিল উদ্যোগত পেকেজিং কৰিবলৈ তথা পাউদাৰ উদ্যোগত পাঞ্জাবৰ ধূলি বনাবলৈ ব্যৱহাৰ কৰা হয়।

ৰেচমৰ বহুতো ব্যৱসায়িক তথা ঔদ্যোগিক ব্যৱহাৰ আছে। ফ্ৰান্সত ২২-২৪ ডেনিয়াৰ ৰেচমক টায়াৰ বনাবলৈ ব্যৱহাৰ কৰা হয় যাৰ জীৱনক্ষমতা ৰবৰৰ টায়াৰতকৈ বেছি লগতে সৈনিকৰ গুলীৰ খাৰ ৰখা বেগ বনোৱা হয়। ১০-১৫ ডেনিয়াৰৰ বস্ত্ৰৰ পৰা পেৰাচুট বনোৱা হয়। এই পেৰাচুটবিলাক দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ হৈছিল।

ৰেচমক শব্দবিহীন যন্ত্ৰপাতি বনাবলৈ আৰু ব্যৱহাৰ কৰা হয়।