মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

শিপীনিসকলৰ কাৰণে সূতাৰ বেংক

হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰ কাৰ্য্যালয়ত সূতাৰ বেংক প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াই যাতে দৰিদ্ৰ শিপীনিসকলে উচিত দাম আৰু অৰ্থ সাহাৰ্য্য মূল্যত উন্নত মানৰ সূতা লাভ কৰিব পাৰে। প্ৰথম পৰ্য্যায়ত ২৭ টা সূতা বেংকে অনুমোদন লাভ কৰে আৰু তাৰে ১১ টালৈ পুঁজি মুকলি কৰা হয়। স্থানীয় শিপীনিসকলৰ আৱশ্যকতা অনুযায়ী সূতাৰ গণনা আৰু বিভিন্ন প্ৰকাৰৰ উন্নত মানৰ সূতা এই বেংকসমূহত মজুত ৰখা হয়। এই ১১ টা বেংকে ১১ খন বিভিন্ন জিলাত কাম কৰি আছে আৰু বাকী কেইখনৰ কাৰণে পুঁজি অনুমোদনৰ লগতে নিৰ্মাণৰ কাম চলি আছে।