মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

হস্ততাঁত প্ৰদৰ্শনী

হস্ততাঁত এক্স প্ৰদৰ্শনীৰ বিষয়ে জানিব বিচাৰে

সঞ্চালকালয়ে শিপীনি সমবায় সমিতিলৈ বিপণন সুবিধা সামৰ্থ্য প্ৰদানৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে সময়ে সময়ে বিভিন্ন স্তৰত প্ৰদৰ্শনী, এক্সপো আৰু মেলাৰ আয়োজন কৰি আহিছে। সাধাৰণতে প্ৰদৰ্শনীসমূহ খোলা পথাৰত অস্থায়ী সৰু দোকানৰ গঠনত এক সুৰক্ষিত পদ্ধতিৰে নিজৰ উত্পাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন আৰু বিক্ৰী কৰিবৰ বাবে আয়োজন কৰা হয়। এনে প্ৰদৰ্শনীসমূহৰ আদৰ্শ সময় ১৪ ৰ পৰা ২১ দিনৰ। প্ৰায় ৮০ ৰ পৰা ১০০ খন অংশগ্ৰহণকাৰী সমিতিয়ে তেওঁলোকৰ হাতে বনোৱা সামগ্ৰীৰ বিপণনৰ কাৰণে দোকান বহুৱাই। ইয়াৰ উপৰিও বিছুমান বিশেষ হস্ততাঁত প্ৰদৰ্শনী কম সংখ্যক অংশগ্ৰহণকাৰীৰ সৈতে সৰু চহৰবোৰত আয়োজিত হয়।

অংশগ্ৰহণকাৰী সমিতিবোৰে তেওঁলোৰৰ বিশিষ্ট গুণসম্পন্ন উত্পাদিত সামগ্ৰীসমূহ এক বিশাল জনতা/ পৰিদৰ্শকসকলৰ সন্মুখত প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ সুযোগটি উপলব্ধি কৰে।