মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

ৰেচম পলুৰ খাদ্য উদ্ভিদ

কেষ্টৰৰ খেতি

কেষ্টৰৰ খেতি

            ১. কেষ্টৰৰ বংশবৃদ্ধি অকল যৌন প্ৰজননৰ দ্বাৰাহে হয়। বীজখিনি খেতিমাটিত সিঁচি ইয়াৰ খেতি কৰা হয়।

            ২. কেষ্টৰ প্ৰায় সকলো ধৰণৰ মাটিতে ওপজে। উদাহৰণস্বৰূপে ৰংচুৱা, বালিচহীয়া, নদীপৰীয়া চাপৰি মাটি ইত্যাদি। জৈৱিক আকৰৰ মাত্ৰাধিক থকা মাটিত ই ভালকৈ ঠন ধৰি উঠে। জলমগ্ন মাটিত ই তিষ্ঠিব নোৱাৰে গতিকে সঠিক জল নিৰ্গমনৰ ব্যৱস্থা থকা মাটিত ইয়াৰ খেতি কৰা উচিত।

            ৩. পুষ্পহীন ৰঙা কেষ্টৰৰ প্ৰজাতি(এন.বি.আৰ ১)বিধ এড়ী পলুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি।

            ৪. কেষ্টৰৰ খেতিৰ বাবে অনুকূল সময় হল মাৰ্চ-এপ্ৰিল তথা ছেপ্তেম্বৰ-নৱেম্বৰ।

            ৫. খেতিৰ বাবে ১ মিটাৰ X ১ মিটাৰৰ খালী ঠাই উপযুক্ত বুলি বিবেচনা কৰা হয়।

            ৬. এক হেক্টৰ মাটিৰ খেতিৰ পৰা আনুমানিক ৪৮০০ কিলোগ্ৰাম পাত বাৰ্ষিক উত্পাদন কৰিব পাৰি।