নুনী পলুৰ আশ্ৰয় উদ্ভিদঃ-
নুনী পলুৰ এনে একপ্ৰকাৰৰ পলু যি মাত্ৰ নুনী গছৰ পাত হে খায়। নুনী গছৰ পাতত থকা মৰিন নামৰ যৌগবিধে এই পলুক আকৰ্ষিত কৰাত সহায়ক হয়।
নুনী গছৰ শ্ৰেণীবিভাজনঃ-
বিভাগ(ফইলুম)- ফানেৰোডগাম(পুষ্প উদ্ভিদ)
উপ-বিভাগ(উপ-ফাইলুম)-এংগলোস্পাৰ্ম
শ্ৰেণী -ডিকটচ্
গোট -আৰ্টিকেলচ্
পৰিয়াল - মৰাচিয়েচ
জাতি - মৰোচ
প্ৰজাতি - মৰাচ আলবা
নুনী গছৰ উন্নত আৰু কৃষি উপযোগী প্ৰজাতি
পলুৰ খাদ্যৰ বাবে খেতি কৰা নুনী গছৰ উল্লেখযোগ্য প্ৰকাৰ হ’ল মৰাচ আলবা লিন, এম. ইণ্ডিকা লিন, এম লাভগাটা ৱাল, এম. বম্বিকচ্ কইডৰ লগতে স্থানীয় প্ৰজাতিমৰাচ অষ্টট্ৰেলিচ পইৰ আৰু মৰাচ একিঅচা গ্ৰিফ। ইয়াৰোপৰি কেন্দ্ৰীয় ৰেচম বৰ্ডৰ গৱেষণা কেন্দ্ৰই আৱিস্কাৰ কৰা উন্নতমানৰ কিছুমান প্ৰজাতিও কৃষিৰ বাবে জনপ্ৰিয় হৈছে। এই প্ৰজাতিৰ ভিতৰত তলত দিয়াসমূহ উল্লেখযোগ্যঃ ভি১, কানভা-২, এছ১, এছ৭৯৯, ট্ৰিঅ, বিচি২৫৯ আৰু এছ৫৪।এইখিনিতে উনুকিয়াই থোৱা উচিত যে জাপান তথা অন্য দেশৰ কিছু উন্নত মানৰ প্ৰজাতিৰো খেতি ভাৰতত কৰা হয় আৰু ইহঁতৰ প্ৰতি সহাৰিও সন্তোষজনক। ইয়াৰে কিছু প্ৰজাতি হ’ল ইচিনোজ, গোচহয়ৌৰামী, কচেন( জাপান) আৰু লিমনচাইন ( ইটালী)।
এতিয়ালৈ ২৪ টা বিভিন্ন প্ৰজাতিৰ নুনীৰ উদ্ভিদ পোৱা যায় কিন্তু এচিয়া মহাদেশত প্ৰায় ৬৮ টা প্ৰজাতি হোৱাৰ অনুমান কৰা হৈছে। কলা নুনী পশ্চিম এছিয়া আৰু মধ্যপ্ৰাচ্যত তথা ৰঙা নুনী উত্তৰ আমেৰিকাত পোৱা যায়।
নুনীৰ খেতি আৰু পৰিচালনা-
নুনী গছ বিভিন্ন পৰিৱেশ আৰু বতৰত তিষ্ঠি থাকিব পাৰে। যিকোনো মাটিত ই ঠন ধৰে যদিও বালিচহীয়া আৰু বোকা বালিচহীয়া মাটিত ইয়াৰ বিকাশ ভালকৈ হয়। নুনী গছে আপেক্ষিক আল্মিক মাটিতো জীয়াই থাকিব পাৰে। উচ্চ আল্মিক মাটি যত pHফেক্টৰ ৫ ৰ তলত তাতদল’মাইট বা চূণশিল আৰু ক্ষাৰীয় মাটিত জীপচামৰ প্ৰয়োগ কৰিব পাৰি। নুনী গছ ৪০০০ ফুটৰ উচ্চতা পৰ্য্যন্ত জীয়াই থাকিবপাৰে, তাতকৈ বেছি উচ্চতাৰ ভূমিখণ্ডত চেচাঁ জলবায়ুৰ বাবে ইয়াৰ বৃদ্ধি- বিকাশ সম্ভৱপৰ নহয়। নুনী গছৰ খেতি প্ৰাকৃতিক বৰ্ষাৱস্থা অথবা জলসিঞ্চন ব্যৱস্থা দুয়োটাতেই কৰিব পাৰি প্ৰযোজ্য মাটিডৰাৰ পানী-ধাৰণ ক্ষমতা অতি কমেও ৪০-৪৫ % হয়।
অন্ত্যঃ কৃষিব্যৱস্থা
নুনীৰ খেতি অন্ত্য কৃষিব্যৱস্থা হিচাপেও কৰিব পাৰি। বিভিন্ন ধৰণৰ শাক- পাচলি মাটিৰ খেতি নুনীৰ খেতিৰ লগত কৰি কৃষকে প্ৰতি একৰ মাটিত ১০০০০-৫০০০০ টকা পৰ্য্যন্ত অতিৰিক্ত উপাৰ্জন কৰিব পাৰে। পালেং, শাক সবাতোকৈ উপযোগী যুটী।
নুনী পাতৰ ছিঙা প্ৰক্ৰিয়াঃ
শাৰী-শাৰীকৈ কৰা খেতিৰ পৰা প্ৰতি বছৰে প্ৰতি একৰ মাটিত ২৫ ৰ পৰা ৩০ মেট্ৰিক টন পাত ছিঙিব পৰি ।
নুনী খেতিত লগা পোক আৰু ৰোগসমূহ
প্ৰাকৃতিক পৰিৱেশ ঘাইকৈ বানপানী, খৰাং হিমবৰ্ষন ইত্যাদিৰ বাদেও বিভিন্ন ধৰণৰ কীট- পতংগৰ দ্বাৰাও নুনীখেতিৰ ক্ষতিসাধন হব পাৰে। জাপানত এনে প্ৰায় ২০ প্ৰকাৰৰ কীট পতংগৰ জীৱন-চক্ৰৰ অধ্যায়ন কৰা হৈছে। ইয়াৰ দ্বাৰা গম পোৱা গৈছে যে অতি কমেও ৫০০ প্ৰকাৰ শেলাই জাতীয় আৰু বেক্টেৰীয়া জনিত ৰোগে নুনী গছক আক্ৰমণ কৰে যাৰ কমেও ৩০ বিধ ৰোগ অত্যন্ত জটিল আৰু ইয়াৰে ৭-৮ বিধে ব্যাপক ক্ষতি-সাধন কৰিব পাৰে। কিন্তু ভাৰতত জলবায়ু আৰু মাটিৰ গুণাগুণৰ কাৰণে ৰোগৰ পৰিমাণ আপেক্ষিক ভাৱে কম।
কীট-পতংগঃ-
হেমন্ত ঋতুৰ শেষৰপিনে হোৱা শস্যক বিস্তৰভাৱে ক্ষতি- সাধন কৰা পতংগ বিধ হৈছে গ্লাইফোডিছ ফাইলোআলিছএবিধ মৌ-মাখি জাতীয় পতংগ। মে আৰু জুন মাহত এই পতংগবিধে গছৰ পাতৰ বৰ্হিভাগত কণী পাৰে।
অন্যান্য কীট-পতঙ্গৰ মাজত উল্লেখযোগ্য হল
১) স্কেল পোক
২) ৱীভিলচ্
৩) স্টেম বৌৰ্চ
৪) ৰোট বোৰৰ
৫) তোকৰা ৰোগ