মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture

ৰেচম পলুৰ খাদ্য উদ্ভিদ

চোম আৰু শোৱালুৰ খেতি

চোম গছৰ খেতি বিশেষকৈ উজনি অসমত মুগা পলুৰ খেতিৰ বাবে কৰা হয় তথা শোৱালুৰ খেতি নামনি অসমত কৰা হয়।

চোম পাতে অহীয়াঁ পলুৰ তথা শোৱালু পাতে গুটি সদৃশ পলুৰ উত্পাদন কৰে। 

আশ্ৰয় উদ্ভিদৰ বংশবৃদ্ধি ও ৰক্ষণাবেক্ষণ-

            মুগা পলুৰ আশ্ৰয় উদ্ভিদবোৰ প্ৰাকৃতিকভাৱে পোৱা যায়। এই উদ্ভিদসমূহৰ বংশবৃদ্ধি দুই প্ৰকাৰৰে কৰা হয়- (ক) যৌন প্ৰজনন, (খ) অযৌন প্ৰজনন। চোম আৰু শোৱালু গছৰ বংশবৃদ্ধি প্ৰধানকৈ চৰাই-চিৰিকতিৰ দ্বাৰা গছৰ গুটি খাই বিভিন্ন অঞ্চলত কৰা নিৰ্গমনৰ দ্বাৰা হয়। নিৰ্বাচিত গছৰ গুটিৰ দ্বাৰা সুস্থ শস্যৰ সৃষ্টি হয়।

চোম গছৰ প্ৰজনন-

            চোম গছৰ যৌন আৰু অযৌন দুয়ো ধৰণৰ প্ৰজনন কৰিব পাৰি।

যৌন প্ৰজনন-

            যৌন প্ৰজনন কঠীয়া পেলোৱাৰ দ্বাৰা কৰা হয় কিয়নো ইয়াৰ দ্বাৰা বিস্তৰ অঞ্চলত পুলি শস্য পোৱা যায় যাৰ দ্বাৰা ভাল ও উন্নত পুলিৰ বাচনি সহজ হয়। বীজৰ অংকুৰণ কৰিবলৈ কিছুমান ধৰাবন্ধা নিয়মৰ অনুশীলন কৰা হয় যেনে- উন্নত বীজৰ বিচাৰ, বীজ ছটিয়াবলৈ মাটিডৰাৰ প্ৰস্তুতি ইত্যাদি। লগতে এনে বীজৰ বিচাৰ কৰাটো জৰুৰী যাৰ অংকুৰণ হোৱাটো নিশ্চিত। আৰু এয়া একমাত্ৰ সম্ভৱ হয় অনুকূল জলবায়ু, বীজৰ দ্ৰুণৰ সুস্থতা ও জীৱিত অৱস্থা আৰু ইয়াৰ আন্তৰিক অৱস্থাৰ জৰিয়তে।

            সঞ্চয়িত বীজৰ তুলনাত সতেজ বীজৰ অংকুৰণৰ সম্ভাৱনীয়তাৰ হাড় বহু বেছি। বীজখিনি প্ৰথমে সতেজ পানীৰে ধুই চাফা কৰি লোৱাটো প্ৰয়োজনীয়। বীজখিনি তেতিয়ালৈকে ধুব লাগে যেতিয়ালৈ বীজৰ বৰ্হি আৱৰণ ওলাই নাযায়। ইয়াৰ পিছত বীজখিনি শুকোৱাব লাগে তেতিয়ালৈকেহে যেতিয়ালৈ ইয়াৰ থাকিবলগীয়া আদ্ৰতা ইয়াত মজুত থাকে, সৰ্বনিম্ন আদ্ৰতা ৬%।ইয়াৰ পিছত কঠিয়াখিনি সিঁচিবও পাৰি বা শ্ৰেণীবদ্ধভাৱে শাৰীকৈ ৰোপণো কৰিব পাৰি।

বীজৰ দ্বাৰা খেতি-

            ই হল সবাতোকৈ  সহজ আৰু কম খৰচী প্ৰক্ৰিয়া।

            চোম যিহেতুকে এবিধ পৰাগ সংযোজী উদ্ভিদ, ইয়াৰ যৌন প্ৰজননৰ দ্বাৰা নতুন আৰু উন্নত প্ৰজাতিৰ বিকাশৰ সম্ভাৱনা বেছি হয়। বৃহত্ সংখ্যক পুলি-পোখা উত্পাদনৰ বাবে এই প্ৰক্ৰিয়া বেছি ফলপ্ৰসূ।

            অৱশ্যে এই প্ৰক্ৰিয়াত ৰেচম পলুৰ বাবে পাতৰ উত্পাদন হবলৈ দীৰ্ঘ সময়ৰ প্ৰয়োজন হয়।

বীজৰ উত্স আৰু ইয়াৰ সংগ্ৰহণ-

            চোম গছৰ বীজ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত পূৰঠ হয় (অসম আৰু উত্তৰ পূৰ্বাঞ্চলত) আৰু উজনি অসমত বীজৰ সংগ্ৰহণ মে তথা জুন মাহত আৰু নামনি অসমত এপ্ৰিল আৰু মে মাহত কৰা হয়।

সাৱধানতা-

            ১. সম্পূৰ্ণভাৱে পকা ফলৰ পৰাহে বীজৰ সংগ্ৰহণ কৰাটো জৰুৰী।

            ২. বীজ সংগ্ৰহণ কৰোতে ইয়াৰ যাতে ক্ষতিসাধন নহয় এয়া লক্ষ্য কৰাটো খুবেই জৰুৰী।

চোম গছৰ বীজৰ সক্ৰিয়তা-

            চোম গছৰ বীজৰ নিষ্ক্ৰিয়তা নাই। সতেজ বীজৰ অংকুৰণৰ সম্ভাৱনীয়তা সৰ্বাধিক। এই বীজ ফচল চপোৱাৰ ১০-২০ দিনৰ ভিতৰতে সক্ৰিয় থাকে। সময় যোৱাৰ লগে লগে ইয়াৰ সক্ৰিয়তা কমি থাকে। বীজৰ দীৰ্ঘদিনীয়া সংৰক্ষণে ইয়াৰ সক্ৰিয়তা হ্ৰাস কৰে, অৰ্থাত্ ৪৫ দিন পৰ্যন্ত সংৰক্ষণ কৰা বীজে ২০ দিনৰ পিছত পৰ্যায় ক্ৰমে সক্ৰিয়তা হেৰৱায়।

সক্ৰিয় বীজৰ বিচাৰ

            বীজৰ গুণাগুণ জনাৰ বাবে ইয়াৰ প্লাৱিতা পৰীক্ষা কৰা হয়। সুস্থ আৰু সক্ৰিয় বীজৰ বিচাৰ কৰিবলৈ বীজক পানীত উপঙিব দিয়া হয়। সুস্থ সৱল বীজ পানীত ডুবি যায় আৰু নিষ্ক্ৰিয় বীজ উপঙি থাকে। বীজৰ বহিঃভাগ প্ৰৱাহিত পানীত ২-৩ বাৰ হাতেৰে মোহাৰি উলিয়াই দিয়া হয় আৰু পিছত কেইঘণ্টামানৰ বাবে শুকাবলৈ থৈ দিয়া হয়।

বীজৰ সংৰক্ষণ-

            বীজখিনি আদ্ৰ বিছনাত কম উষ্ণতাত ৬ৰ পৰা ৮ সপ্তাহলৈকে সংৰক্ষণ কৰি থব পাৰি। চোম বীজৰ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় উষ্ণতা হল ১০ ডিগ্ৰী চেণ্টিগ্ৰেড। এই উষ্ণতাই বীজৰ অংকুৰণ ক্ষমতা বজাই ৰখাত সহায় কৰে।

বীজৰ অংকুৰণ-

            অংকুৰিত বীজখিনি সাধাৰণভাৱে খেতিমাটিত সিঁচি দিব পাৰি। অৱশ্যে পলিটিউবৰ ব্যৱহাৰো কৰিব পাৰি। সিঁচাৰ আগতে বীজখিনি পানীত কমেও ২০-২৪ ঘণ্টালৈ ভিজাই থব লাগে। আৰু বীজখিনি বেভিষ্টিন অথবাকাৰ্বেণ্ডাজিম ঔষধৰ প্ৰয়োগ কৰিব লাগে ২ গ্ৰাম প্ৰতি ১ কেজিৰ অনুপাতে।

            বীজৰ সুস্থতাৰ বাবে বেভিষ্টিনৰ সলনি ট্ৰিকোড্ৰেমাচিউজৌমনাচৰ ব্যৱহাৰ জৰুৰী। প্ৰতি কেজিৰ বিপৰীতে ২০ গ্ৰাম ঔষধ ব্যৱহাৰ কৰিব লাগে।

শস্য উদ্যানৰ তৈয়াৰী

            পূৰঠ কঠিয়াৰ দ্বাৰা বৰ্ষাকাল যোৱাৰ পিছত শস্য উদ্যান তৈয়াৰ কৰিব পৰা যায়। বৰ্ষাকালৰ আগতে ৰোপিত গছৰ পৰা বীজ আহৰণ কৰিব পৰা যায়। বীজখিনি, সাধাৰণভাৱে মাটিডৰাত সিঁচাৰ পৰিৱৰ্তে আজিকালি প্ৰথমে উদ্যানত ৰুই পিছত পৈণত পুলি নি তৈয়াৰী মাটিডৰাত ৰোপণ কৰা হয়। ইয়াৰ দ্বাৰা বীজৰ সঠিক ৰক্ষণাবেক্ষণ তথা সময় ৰাহি কৰা হয়।

খেতি মাটিডৰাৰ ৰূপৰেখা-

            ১. মাটিডৰা বাম ঠাইত ছাঁ পৰা ঠাইত হব লাগে। খেতি মাটিখিনি কোৰেৰে বা হালেৰে ২-৩ বাৰ ৩০ চেণ্টিমিটাৰ দকৈ খান্দিব লাগে। পিছত সমগ্ৰ মাটিডৰা সমানভাৱে উলিয়াব লাগে। খেতি মাটিত ৬ cft এফ.ৱাই.এম. ভালকৈ কৰিব লাগে।

            ২. ২ মিটাৰ দীঘল ১ মিটাৰ বহল এই হিচাপত খেতি মাটি বনাব লাগে।

বীজৰ ৰোপণ-

            ১৫ চেণ্টিমিটাৰ দূৰত্বৰ শ্ৰেণীবদ্ধ শ্ৰেণীত বীজৰ ৰোপণ কৰাটো জৰুৰী। প্ৰত্যেক শ্ৰেণীৰ ১৫ চেণ্টিমিটাৰ দূৰত্বত বীজ সিঁচা উচিত। ২-৪ চেণ্টিমিটাৰ গভীৰতাত বীজ ৰোপণ কৰিব লাগে। তৈয়াৰী কৰা খেতি মাটিত আনুমানিক ২ কিলোগ্ৰাম বীজ ৰোপণ কৰিব পাৰি।

বীজৰ অংকুৰণ-

            ৰোপিত বীজৰ অংকুৰণ ৩০-৪৫ দিনৰ ভিতৰত হৈ যায়। চোম বীজৰ অংকুৰণ সাফল্যতা ৮২ শতাংশ (গড় হিচাপত)। স্বাভাৱিকতে এটা বীজৰ পৰা এটিহে পুলিয়ে পোখা মেলে কিন্তু সংযুক্ত ভ্ৰুণ থকা বীজো নোপোৱা নহয়। আশ্চৰ্য্যজনকভাৱে সংযুক্ত ভ্ৰুণ থকা চোম বীজত দুটা আৰু কেতিয়াবা ৩টালৈকে ভ্ৰুণ পোৱা গৈছে যিটো বহুত কমেই দেখা পোৱা যায়। দুটা ভ্ৰুণ আৰু ৩টা ভ্ৰুণৰ আৱিৰ্ভাৱ ঘটনাৰ হাৰ ৪.৫ শতাংশ আৰু ০.৬ শতাংশ। এই সংযুক্ত ভ্ৰুণৰ বেলেগ  কৰিলে হইতে সম্পূৰ্ণভাৱে বিকাশ লাভ কৰি একো একোটা গছত পৰিণত হব পাৰে।

অংকুৰিত বীজৰ পলিটিউবত সংৰোপণ-

            ১. অংকুৰিত বীজসমূহ পলিথিনৰ ট্যুবত আৰু বিকশিত কৰিব মপাৰি। নাৰ্চাৰী (শস্য উদ্যান) বনাবৰ বাবে ৬ মহীয়া, ১০-২০ ছেণ্টিমিটাৰ (৩-৪ ইঞ্চিৰ) পুলিৰ নিৰ্বাচন কৰা হয়। বীজখিনি সংগ্ৰহ কৰি গছৰ ছাঁত এখন চাঙত থৈ বস্তাৰে ঢাকি থোৱা হয়। লগতে পানী ছটিয়াই থকা হয় আদ্ৰতা বজাই ৰাখিবলৈ। বীজৰ অংকুৰণ ৪ সপ্তাহৰ পিছত আৰম্ভ হয়। অংকুৰিত বীজখিনি প্ৰতিদিনে বেলেগকৈ নিলগাই থোৱা হয় আৰু পলিথিনৰ ট্যুবত দীঘল ৰোপণ কৰা হয়। ট্যুবৰ থাকাৰ ৯ ইঞ্চি দীঘল ৬ ইঞ্চি বহল আৰু ১৫০-২২০ গজৰ হব লাগে। ট্যুবত শিপা গজাবলৈ ব্যৱস্থা কৰি গছৰ ছাঁত থব লাগে।

            ২. শিপাৰ বিকাশৰ বাবে ব্যৱস্থা

            ৩. মাটি, বালি আৰু গোবৰৰ মিশ্ৰণ ১:১:১ অনুপাতত ব্যৱহাৰ কৰি ট্যুবত পুলিৰ শিক্ষা গজাবলৈ ব্যৱহাৰ কৰিব লাগিব।

            ৪. পুলিৰ জীয়াই থকাৰ সম্ভাৱনীয়তা – ৭০-৮৪ শতাংশ।

খালী স্থান পূৰণ-

বীজ ৰোপণৰ ১০নং দিনা শাৰীৰ মাজত ৰিক্ত স্থান পূৰণ কৰা হয়।